পুৱাই মৰাণত ৰাজ্য কঁপাই যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা । দুৰ্ঘটনাত থিতাতে নিহত পিতা–পুত্ৰ ।
দুখন বাহনৰ মুখামুখি সংঘৰ্ষত শেষ হৈ গ’ল পিতা-পুত্ৰৰ জীৱন।
বলেৰ’ পিক আপ-হোণ্ডাই আৰু এক্সটাৰ বাহনৰ মাজত সংঘৰ্ষ । দুই বাহনৰ মাজত সংঘটিত মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় মৰাণৰ পানীতোলাৰ বৰবিল গাঁৱৰ নিবাসী পিতা-পুত্ৰ খগেন বৰুৱা (৪৫) আৰু যুগল কিশোৰ বৰুৱা (১৪) । নিহত যুগল বৰুৱা মৰাণ চেন্ট যোচেফ স্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ আছিল ।
দুৰ্ঘটনা সংঘটিত কৰা বলেৰ’ পিক-আপ বাহনখনে কঢ়িয়াই আনিছিল সুৰা ।
সুৰা কঢ়িয়াই অনা বলেৰ’ পিক-আপ বাহনখনৰ চালকক আটক কৰি চিকিৎসা কৰোৱাইছে আৰক্ষীয়ে। উল্লেখযোগ্য যে, মৃত খগেন বৰুৱা খোৱাং প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভেকচিনেটৰ হিচাপে কৰ্মৰত আছিল। আনহাতে, পুত্ৰ যুগল কিশোৰ বৰুৱা আছিল মৰাণ ছেণ্ট যোছেফ স্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ I শোকাকুল পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ অঞ্চল I