জুবিন গাৰ্গৰ অন্তিম খন সপোনৰ ছবি “ৰৈ ৰৈ বিনালে” I ‘ৰৈ ৰৈ বিনালে’ লৈ ৰাইজৰ বিপুল সঁহাৰি I
জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’ নিশ্চিতভাৱে এখন শ্ৰেষ্ঠ ছবি হবলৈ গৈ আছে । এইয়া ট্ৰেইলাৰ আৰু জুবিন গাৰ্গৰ সৃষ্টি ৰাজিত থকা নতুনত্ব , জুবিন গাৰ্গৰ প্ৰতি থকা আবেগ আৰু অভিনয়ে প্ৰতিগৰাকী দৰ্শকক হে নিৰাশ নকৰিব তাৰ ১০০ শতাংশই নিশ্চয়তা আছে । ‘ৰৈ ৰৈ বিনালে’ অসমৰ প্ৰথমখন Musical ছবি । 1998 চনৰ জুবিন গাৰ্গৰ অন্যতম সৃষ্টি শব্দ এলবামৰ গীত আছিল ৰৈ ৰৈ বিনালে । জুবিন গাৰ্গৰ কথা , সুৰ , সংগীত আৰু কণ্ঠৰে অসমৰ সংগীত জগত তথা চলচ্চিত্ৰ জগতক জাতিষ্কাৰ কৰিবলৈ পৰিকল্পনা কৰা হৈছিল ‘ৰৈ ৰৈ বিনালে’ । বহু প্ৰত্যাশিত ছবি “ৰৈ ৰৈ বিনালে” ৰ ট্ৰেইলাৰৰ দেখিয়েই বুজা যায় ছবিখন কিমান সফল হব । অহা ৩১ অক্টোবৰত মুক্তিপাব ৰৈ ৰৈ বিনালে । ইতিমধ্যেই মুক্তি পাইছে ছবিখনৰ দুটি গান । ৰাজেশ ভূঞা পৰিচালিত ছবিখনৰ মুখ্য চৰিত্ৰ অভিনয় কৰিছে জুবিন গাৰ্গ , মৌচুমী আলিফা , আচুৰ্য বৰপাত্ৰ কেইবাজনো শিল্পী ।জুবিন গাৰ্গৰ সহ ধৰ্মীনি, কলা কুশলী সকলৰ প্ৰচেষ্টাত জুবিন গাৰ্গে বিচৰা তাৰিখতে শুভমুক্তিৰ বাবে প্ৰস্তুত কৰি উলিয়াইছে ।
সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অভিলেখ গঢ়িবলৈ সাজু ‘ৰৈ ৰৈ বিনালে’। মুক্তিৰ পূৰ্বেই ছবিখনে ৰচিলে অভিলেখ। দাক্ষিণাত্যৰ ছবি বাহুবলী, কান্তাৰাক পিছ পেলাই ট্ৰেণ্ডিঙৰ শীৰ্ষত জুবিনৰ ছবি ‘ৰৈ ৰৈ বিনালে’। ৰাজ্যৰ প্ৰায়সংখ্যক ছবিগৃহত নাই টিকট। ৩১ অক্টোবৰত গুৱাহাটীত ১৪টা হলত মুঠ ১৬২টা দৰ্শনী I PVR চিটি চেণ্টাৰত মুঠ ২২টা দৰ্শনী I INOX অ’ৰচত সৰ্বাধিক ২৩টা দৰ্শনী I চিনেপলিচত ১৯টা দৰ্শনী I গ্ৰেণ্ড চিনেত ১১টা দৰ্শনী I অনুৰাধাত ৬টা দৰ্শনী I গ’ল্ড চিনেমা নাৰেংগীত ৫টা দৰ্শনী I বেলতলাৰ মেট্ৰিক্স চিনেমাত ১২টা দৰ্শনীগ্ৰেণ্ড ৰয়েল চিনেত ১২টা দৰ্শনী I আইদেউ চিনেমা হলত ৪টা দৰ্শনী। RR চিনেমা গুৱাহাটীত ৬টা দৰ্শনী। INOX NCS Squareত ১৮টা দৰ্শনী। NY চিনেমাত ১২টা দৰ্শনী। গেলেৰীয়া চিনেমাত ৬টা দৰ্শনী। ছিলভাৰ স্ক্ৰীণ বিজয়নগৰত ৬টা দৰ্শনী। অসমৰ বাহিৰতো প্ৰদৰ্শিত হ’ব ‘ৰৈ ৰৈ বিনালে’… ।
UFO ৰ পূব মণ্ডলৰ মূৰব্বী সৌৰভ দত্ত দেশৰ ৯০খন স্ক্ৰীনত প্ৰতিদিনে ডেৰ লাখ লোকে চাব ‘ৰৈ ৰৈ বিনালে’ । অহা ৩ মাহলৈ ছবিগৃহত আৰু কোনো নতুন চিনেমা অহাৰ সম্ভাৱনা নাই । ‘ৰৈ ৰৈ বিনালে…’ ছবিখন চাবলৈ সকলোকে আহ্বান মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই I