ৰাজ্যৰ মহিলা সকলৰ সবলীকৰণৰ বাবে মাননীয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন অসম চৰকাৰৰ আটাইতকৈ বৃহৎ পদক্ষেপ হৈছে অৰুণোদয় ৩.০ আঁচনি।
অসমত বুনিয়াদী অৰ্থনীতি সবলীকৰণৰ লক্ষ্যৰে ৰাজ্যত আজিৰে পৰা আৰম্ভ ‘অৰুণোদয় 3.0’ । এই আঁচনিৰ দ্বাৰা উপকৃত হব ৩৮ লাখৰো অধিক মহিলা । এই নতুন সংস্কৰণৰ জৰিয়তে প্ৰায় ৩৮ লক্ষাধিক নাৰী উপকৃত হ’ব, যাৰ ফলত ৰাজ্যখনৰ সামাজিক-আৰ্থিক পৰিৱেশত এক উল্লেখযোগ্য পৰিবর্তন আহিব। খানাপাৰা পশু চিকিৎসা মহাবিদ্যায়ৰ খেলপথাৰত মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ ‘অৰুণোদয় 3.0’ ৰ । ৰাজ্যৰ লাখ লাখ মহিলাৰ মুখত প্ৰাপ্তিৰ হাঁহি । ৩০ লাখ হিতাধিকাৰীয়ে পাব ১,২৫০ টকাকৈ ।
মুখ্যমন্ত্ৰীৰ উপৰি সকলো মন্ত্রী, বিধায়ক উপস্থিত অনষ্ঠানত । ভিন্ন প্ৰান্তৰ পৰা আহি এই অনুষ্ঠানত অংশ লয় হিতাধিকাৰী । ২৫ সহস্ৰাধিক স্থানত একে সময়তে উদ্বোধন । মুখ্যমন্ত্ৰীয়েই কয় যে স্বাধীন ভাৰতৰ আটাইতকৈ বৃহৎ আঁচনি অৰুণোদয় । এই আঁচনিৰ জৰিয়তে মহিলাসকলে প্ৰতিমাহে নিজ বেংক একাউণ্টত পোনপটীয়াকৈ ১২৫০ টকাকৈ লাভ কৰিব আৰু ইয়াৰ লগতে মুখ্যমন্ত্ৰীৰ সুলভ ইন্ধন আঁচনিৰ অধীনতো ২৫০ টকাকৈ লাভ কৰিব। ১ নৱেম্বৰৰ পৰা ৰেচনৰ জৰিয়তে উপলব্ধ হ’ব দাইল, নিমখ আৰু চেনী । ৰন্ধন গেছৰ বাবে ২৫০ টকাকৈ অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব ৰাজসাহায্য । আনহাতে BTC বাসী ৰাইজৰ বাবেও সুখবৰ দিলে মুখ্যমন্ত্ৰীয়ে । BTC ৰ ৬ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন, ইয়াৰ বাবে প্রয়োজন হ’ব আৰু এমাহৰ ।
মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত ৰাজ্য চৰকাৰে নাৰী সৱলীকৰণৰ ক্ষেত্ৰত লৈ আহিছে এক ঐতিহাসিক পদক্ষেপ। সেই ধাৰাবাহিকতা ৰক্ষা কৰি ৭ অক্টোবৰৰ পৰা শুভাৰম্ভ কৰা হৈছে অৰুণোদয় ৩.০ আঁচনি।