Braking

কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত মুখ্যমন্ত্ৰীৰ

কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত মুখ্যমন্ত্ৰীৰ I

লোক সেৱা ভৱন, দিশপুৰত অনুষ্ঠিত অসম কেবিনেট বৈঠকৰ অন্তত মাননীয় মুখ্যমন্ত্ৰী ড° Himanta Biswa Sarma ডাঙৰীয়াৰ সংবাদমেল সম্বোধন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ঘোষণা কৰে ।

বহিঃৰাজ্যত মৃত্যুবৰণ কৰা অসমৰ ব্যক্তিৰ মৃতদেহ সুকলমে ৰাজ্যলৈ ঘূৰাই অনাটো সুনিশ্চিত কৰিবলৈ মাননীয় মুখ্যমন্ত্ৰী ড° Himanta Biswa Sarma ডাঙৰীয়াৰ নেতৃত্বত গ্ৰহণ কৰা এক অভিনৱ পদক্ষেপ হৈছে ‘শ্ৰদ্ধাঞ্জলি আঁচনি’।”শ্রদ্ধাঞ্জলি আঁচনি”ত কি কি সুবিধা আছে ? বহিঃৰাজ্যত মৃত্যু হ’লে চৰকাৰে ঘুৰাই আনিব নশ্বৰদেহ I বিপদৰ সময়ত যোগাযোগৰ বাবে উপলব্ধ থাকিব I ৯১৮১০-১৪৮৮৮, ১১২ আৰু ০৩৬১-২৩৮১৫১১ নম্বৰআর্থিকভাৱে সবল লোকৰ বাবে প্রযোজ্য নহ’ব এই আঁচনি I উল্লেখ্য, এই আঁচনিখনৰ সবিশেষ সেৱা সেতু প’ৰ্টেলত উপলব্ধ।

বহিঃৰাজ্যত কৰ্মৰত লোকৰ তিনি প্ৰজন্ম যদি অসমত বাস কৰে তেন্তে সেই সন্তানে অসমৰ মেডিকেল কলেজত পঢ়িবলৈ ছীট পাব I শিলচৰৰ মূল পথ বা কেপিটেল পথত Elevated Corridor প্ৰকল্পত অনুমোদন ৰাজ্য চৰকাৰৰ I প্ৰায় ৫৬৪ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হব Elevated Corridor টো I যাৰ ফলত উপকৃত হ’ব বৰাক উপত্যকাৰ ৰাইজ I

আই.টি.আই আৰু পলিটেকনিকৰ ‘ইণ্ড্ৰাষ্টী 4.০’ ট্ৰেডৰ প্ৰশিক্ষণৰ বাৰ্ষিক মাচুল হ্ৰাস I ১৬ হাজাৰ টকাৰ পৰা ১১ হাজাৰ টকালৈ হ্ৰাস বাৰ্ষিক মাচুল I

তামিলনাডুত নিহত অসমৰ ৯ শ্ৰমিকৰ পৰিয়াললৈ এককালীন সাহায্য I প্ৰতিটো পৰিয়াললৈ ৫লাখ টকাকৈ এককালীন সাহায্য ঘোষণা ৰাজ্য চৰকাৰৰ I ১০ লাখ টকাকৈ সাহায্য প্ৰদান কৰিছিল তামিলনাডু চৰকাৰে I

GMCH ৰ ঠাইত নিৰ্মাণ হ’ব অত্যাধুনিক ভৱন I GMCH ৰ ভৱন নিৰ্মাণৰ বাবে ৪২৫৭ কোটি টকা অনুমোদন ৰাজ্য চৰকাৰৰ I ৫ হাজাৰ ৰোগীক একেলগে চিকিৎসাৰ ব্যৱস্থা থাকিব তথা GMCH ক দেশৰ আটাইতকৈ সুন্দৰ হাস্পতাল নিৰ্মাণৰ পৰিকল্পনা মুখ্যমন্ত্ৰীৰ I

Leave a Reply