কোন দিশে গতি কৰিছে যুৱ প্ৰজন্মই ?
বিশ্বকর্মা পূজাৰ দিনাই মহানগৰীৰ জ্যোতিনগৰৰ পৰা সন্ধানহীন ৩ গৰাকী কিশোৰীক উদ্ধাৰ । অৱশেষত উদ্ধাৰ হ’ল মহানগৰীৰ জ্যোতিনগৰৰ নিখোজ ৩ কিশোৰী । কিশোৰী কেই গৰাকী আছিল চুইটি দাস (১৪),টিনা ৰাভা (১২) আৰু ইছা নাথ (১৪) ৷ নিশা উলুবাৰীৰ KFC ৰ ওচৰৰ পৰা উদ্ধাৰ হয় ৩ কিশোৰীক ।
কিন্তু ক’ত নিশা কটাইছিল তিনি যুৱতীয়ে ? উলুবাৰীত উদ্ধাৰ তিনি কিশোৰী । বিশ্বকৰ্মা পুজাৰ দিনটোতে তিনি যুৱকৰ সৈতে স্কুটিত গৈছিল কিশোৰী ৩ গৰাকী I ডাউনটাউনৰ এটা Home Stay ত নিশা কটাইছিল তিনি কিশোৰীয়ে । DCP অমিতাভ বসুমতাৰীৰ নেতৃত্বত চানমাৰী আৰু নুনমাটি আৰক্ষীয়ে অভিযান চলাই নিশা মহানগৰীৰ উলুবাৰীৰ KFC ৰ সমীপৰ পৰা উদ্ধাৰ কৰে এই তিনিগৰাকী কিশোৰীক I
বিশ্বকৰ্মা পূজাত ফুৰিবলৈ গৈ উভতি অহা নাছিল ঘৰলৈ ৷ নিশা লৈকে কিশোৰী তিনি গৰাকী ঘৰলৈ আহি নোপোৱাত পৰিয়ালৰ লোকে চানমাৰি থানাত দাখিল কৰিছিল এজাহাৰ ৷ ইয়াৰ পিছতে আৰক্ষীয়ে আৰম্ভ কৰিছিল তদন্ত । গান্ধীমণ্ডপৰ পৰা এজন যুৱকক আটক কৰিছে আৰক্ষীয়ে ৷ তিনি কিশোৰীক উদ্ধাৰৰ পিছতেই চানমাৰী আৰক্ষী থানালৈ লৈ অনা হয় । আনহাতে নিখোজৰ এই ঘটনাক অপহৰণ কাণ্ড নহয় বুলি মন্তব্য প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷