কিমান সম্পত্তিৰ গৰাকী ACS নূপুৰ বৰা ? পোহৰলৈ আহিছে নূপুৰ বৰাৰ পাহাৰসম সম্পত্তিৰ ন ন তথ্য ।
১৫ ছেপ্টেম্বৰত ACS বিষয়াৰ ঘৰত চলিল CM ভিজিলেঞ্চে চলাইছিল অভিযান । নূপুৰ বৰাই সোঁৱে বাওঁৱে গঢ়িলে সম্পত্তিৰ পাহাৰ । ৬ বছৰীয়া কৰ্ম জীৱনত গঢ়িলে পৰ্বতসম সম্পত্তি । ৬ মাহৰ পৰা CM ভিজিলেঞ্চে গোপনে অনুসৰণ কৰি আছিল ACS নুপূৰ বৰাক । গোটানগৰ বাসগৃহ অৰ্থাৎ SHINE SHANTI GREENO এপার্টমেণ্টৰ পঞ্চ মহলাৰ 5A ফ্লেটত দুৰ্নীতিগ্রস্ত বিষয়া ACS নুপূৰ বৰাৰ ঘৰত চলা অভিযানত আৰক্ষীয়ে জব্দ কৰিছিল ১ কোটি ৭০ লাখ টকা । লগতে বহু সোণৰ গহণাও জব্দ কৰিছে আৰক্ষীয়ে । হিচাপ কৰিব পৰা নাছিল ধনৰ পৰিমাণ । সহায় লব লগীয়া হৈছিল টকা গণা মেচিনৰ ।
উল্লেখ্য যে ২০১৯ বৰ্ষত চাকৰিত যোগদান কৰিছিল নূপুৰ বৰাই । বৰপেটাত চক্ৰ বিষয়া হৈ থকাৰ সময়তো মাটি দালালেৰে মিলি ধন ঘটাৰো অভিযোগ আছে বিষয়াগৰাকীৰ বিৰুদ্ধে ৷ কাৰ্বি আংলঙৰ সহকাৰী জিলা আয়ুক্ত হৈ থকাৰ সময়টো দুৰ্নীতি কৰাৰ অভিযোগ নূপুৰ বৰাৰ বিৰুদ্ধে । বিষয়াগৰাকীৰ ঘণিষ্ঠ মণ্ডল সুৰজিত ডেকাৰ বৰপেটাৰ বাসৃহতো চলিল অভিযান । কামৰূপৰ গৰৈমাৰীৰ ৰাজহ চক্ৰ বিষয়া আছিল নুপূৰ বৰা I শেহতীয়াকৈ পোহৰলৈ আহিছে নূপুৰ বৰাৰ পাহাৰসম সম্পত্তিৰ ন ন তথ্য । নূপুৰ বৰাৰ গুৱাহাটীতে আছে তিনিটাকৈ ফ্লেট । জালুকবাৰী আৰু বেলতলাত আছে মাটি। সুৰজিৎ ডেকাৰ লগতে নূপুৰ বৰাই যুটীয়াভাৱে মাটি আৰু ফ্লেট কিনিছে বিভিন্ন স্থানত ।
বৰপেটাৰ পৰা বদলি হোৱাৰ পিছতো এৰি দিয়া নাছিল ভাৰাঘৰ আৰু সেই ভাৰাঘৰতেই ৰাখিছিল দুৰ্নীতিৰে ঘটা ধন । আজিৰ দিনটোলৈ নূপুৰ বৰাই মুঠ ৪৫ লাখ টকা দৰমহা লাভ কৰিছে। নূপুৰ বৰাৰ ১৪ডাল সোণৰ চেইন উদ্ধাৰ কৰিছে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে। ২ডাল হীৰাৰ নেকলেছ, হীৰাৰ আঙঠি ১৫টা, হীৰাৰ ব্ৰেছলেট ৩ডালো উদ্ধাৰ কৰা হৈছে। আয়তকৈ ৪১৬ গুণ অধিক সম্পত্তিৰ গৰাকী নূপুৰ বৰা । ৯ টাকৈ বেংক একাউণ্ট আছে বিতৰ্কিত ৰাজপত্ৰিত বিষয়াৰ। বহু নামী- দামী পোছাক উদ্ধাৰ নূপুৰ বৰাৰ বাসগৃহত। গোলাঘাট, বৰপেটাৰ বেংকত আছে নূপুৰ বৰাৰ দুটা লকাৰ।
জালুকবাৰীত নূপুৰ বৰাৰ মাটি থকাৰো তথ্য লাভ CM ভিজিলেন্সৰ । গুগলপে’ত ৯লাখ ৫০হাজাৰ টকা লেন-দেনৰ তথ্য লাভ কৰিছে চিএম ভিজিলেন্সে । বৰপেটা , গোলাঘাট বেংকত নূপুৰ বৰাৰ আছে দুটাকৈ লকাৰ। নূপুৰ বৰাৰ বাসগৃহৰ পৰা জব্দ কৰা হৈছে প্ৰায় ১ কোটি ডেৰ কোটি টকাৰ অলংকাৰ । বৰ্তমান চিএম ভিজিলেন্সে নূপুৰ বৰাৰ বাসগৃহৰ পৰা টকা ভৰ্তি এটা ট্ৰাংক উদ্ধাৰ কৰিছে । গুৱাহাটী আৰু বৰপেটাৰ ঘৰত উদ্ধাৰ প্ৰায় ১ৰ পৰা ডেৰ কোটিৰ সোণ আৰু হীৰাৰ আ-অলংকাৰ উদ্ধাৰ কৰিছে বুলিও জনায় মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ জ্যেষ্ঠ অধীক্ষক ৰ’জী কলিতাই । ধন খঁকুৱা চক্ৰ বিষয়া নূপুৰ বৰাক আদালতত হাজিৰ কৰোৱা হয় । বিশেষ ন্যায়াধীশ আদালতত হাজিৰ কৰোৱা হয় নূপুৰ বৰাৰ লগতে লাট মণ্ডল সুৰজিত ডেকাকো ।