অখিল গগৈয়ে সংখ্যালঘু মুছলমানক দিলে ভয়ংকৰ ফাঁকি । সংখ্যালঘুৰ সমস্যা সমাধানৰ দাবীত ২০ হাজাৰ লোকক লগত লৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা আছিল অখিল গগৈয়ে । কিন্তু প্ৰতিশ্ৰুতি দি প্ৰতিবাদস্থলীত ভৰি য়েই নিদিলে অখিল গগৈয়ে ।
কিন্তু প্ৰতিশ্ৰুতি দি প্ৰতিবাদস্থলীত ভৰি য়েই নিদিলে অখিল গগৈয়ে । অখিল গগৈৰ বাবে ৰৈ থাকিল হাজাৰ হাজাৰ সংখ্যালঘূ মুচলমান । কথা দিছিল হাজাৰ হাজাৰ মুছলমানৰ সৈতে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ। কথা মতে সংখ্যালঘু সকল একত্ৰিত হল, কিন্তু নাহিল কেৱল নেতৃত্ববহন কাৰী অখিল গগৈ ।
আনহাতে প্ৰতিবাদস্থলীত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি । প্ৰতিবাদ আৰম্ভ হওতেই উপস্থিত হয় আৰক্ষীৰ দল । আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সৃষ্টি হয় হতাহতিৰ । প্ৰতিবাদ কাৰীৰ বিৰুদ্ধে কঠোৰ হৈ পৰে আৰক্ষী প্ৰশাসন । আৰক্ষীয়ে আটক কৰে কেইবাগৰাকী প্ৰতিবাদ কাৰীক ।
আনহাতে প্ৰতিবাদ স্থলীৰ পৰা পলায়ন বহু প্ৰতিবাদকাৰীৰ । ইয়াৰ পিছতে এই কাণ্ডৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে প্ৰতিবাদী কাৰ্যসূচীৰ বাবে সমবেত হোৱা সংখ্যালঘু মুচলমানে ।