Braking

অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ

সামগ্ৰিক অসমৰ উন্নয়নৰ বাবে কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে ।

অনুপ্ৰৱেশকাৰীৰ আধাৰ কাৰ্ড প্ৰাপ্তিক ৰোধ কৰিবলৈ আবেদনৰ সংশোধিত এছ অ’ পি ৰূপায়ণত অনুমোদন I

অনুপ্রবেশকাৰীয়ে আধাৰ কাৰ্ড লাভৰ আশংকা দূৰ কৰাৰ অৰ্থে কেবিনেটে অসমত ১৮ বছৰৰ অধিক বয়সৰ নাগৰিকৰ আবেদনৰ বাবে ৰাজ্য চৰকাৰৰ প’ৰ্টেলৰ সংশোধিত এছ অ’ পি ৰূপায়ণত অনুমোদন জনাইছে ।জিলা আয়ুক্তসকলক বিৰলতকৈ বিৰল ক্ষেত্ৰত আধাৰ আবেদনৰ (১৮ বছৰৰ অধিক বয়সৰ নাগৰিকৰ বাবে) অনুমতি দিয়াৰ কর্তৃত্ব দিয়া হৈছে I ঐতিহাসিক অন্তর্ভুক্তিৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি অনুসূচিত শ্রেণী, অনুসূচিত জনজাতি আৰু চাহ বাগিচা সম্প্ৰদায়ৰ বাবে এই নিষেধাজ্ঞা এবছৰৰ বাবে প্ৰযোজ্য নহ’ব I উল্লিখিত সম্প্রদায়সমূহৰ ব্যক্তিৰ আধাৰ আবেদন এবছৰৰ ভিতৰতে সম্পূৰ্ণ কৰা হ’ব I

অসম কেবিনেটে উৰিয়ামঘাটত শেহতীয়াকৈ উচ্ছেদ অভিযানৰ সময়ত অসম বন বিভাগ আৰু গোলাঘাট জিলা প্ৰশাসনৰ উল্লেখনীয় ভূমিকাৰ শলাগ লয় I অসম কেবিনেটে যুটীয়া প্ৰচেষ্টাৰে সম্পন্ন কৰা উচ্ছেদ অভিযানত নাগালেণ্ড চৰকাৰৰ সমৰ্থনৰ বাবে শলাগ লোৱাৰ লগতে কৃতজ্ঞতা স্বীকাৰ কৰে I

অসম কেবিনেটৰ সিদ্ধান্ত মৰ্মে অসমত নতুনকৈ ৩,১৪,৭৭৩টা পৰিয়াললৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ (PMAY-G)ৰ অধীনত গৃহ প্ৰদান কৰা হ’ব।

কেবিনেটে দীঘলীপুখুৰীৰ পৰা নুনমাটিলৈ চাৰিলেনযুক্ত এলিভেটেড কৰিড’ৰ অসমৰ ইতিহাসৰ প্রসিদ্ধ নৃপতিৰ সন্মানার্থে ‘মহাৰাজা পৃথু উৰণ সেতু’ হিচাপে নামকৰণ কৰিবলৈ অনুমোদন জনাইছে I

স্বাস্থ্যসেৱাৰ মান উন্নত, ৰোগীৰ সন্তুষ্টি আৰু সমগ্ৰ ৰাজ্যতে মেডিকেল কলেজ হাস্পতালৰ দক্ষ পৰিচালনা নিশ্চিত কৰিবলৈ কেবিনেটে হস্পিটেল মেনেজমেন্টণ্ট ছ’চাইটীৰ মেম’ৰেণ্ডাম অব এছ’চিয়েশন (এম অ’ এ) আৰু মেডিকেল কলেজ ছ’চাইটীৰ হস্পিটেল মেনেজমেন্ট ছ’চাইটীৰ বিধি-২০২৫ত অনুমোদন জনাইছে I

কেবিনেটে সমগ্ৰ অসমত দক্ষতা শিক্ষাৰ বাবে ৫০টা হাব আৰু ৫০০ স্প’কছ মডেল ৰূপায়ণৰ বাবে সমগ্র শিক্ষা অসমৰ সৈতে কৌশলগত অংশীদাৰ হিচাপে নেলকো লিমিটেড (টাটা-নেলকো)ৰ মনোনয়নত অনুমোদন জনাইছে I প্রথম পর্যায়ত ১০টা হাব আৰু ৭০টা স্প’কছ মডেল স্থাপন কৰা হ’ব, য’ত প্রতিটো হাবে ১০টা ভৱিষ্যতব্য ‘ট্রেড’ আৰু প্ৰতিটো স্প’কছে দুটা ‘ট্রেড’ আগবঢ়াব আৰু প্রতিটোতে দুজনকৈ প্রশিক্ষকেৰে সজ্জিত হ’ব I

Leave a Reply