Braking

পেৰেলাইছিছ ৰোগীক সুস্থ কৰিবলৈ বেজৰ বেজালি

বিজ্ঞানৰ যুগত অন্ধবিশ্বাস I পেৰেলাইছিছ ৰোগীক সুস্থ কৰিবলৈ বেজৰ বেজালি I

এক বিশেষ নৃত্য । এই নৃত্য কোনো মনোৰঞ্জনধৰ্মী নাইবা উৎসৱধৰ্মী নহয় । পেৰেলাইছিছ ৰোগীক সুস্থ কৰিবলৈ কৰা বেজৰ অভিনৱ বেজালিহে । বৰপেটাৰ হাউলীৰ সমীপৱৰ্তী কাউৰপাৰাত এই আজৱ ঘটনা ।

নৃত্যৰ তালে তালে নাচিছে কেইগৰাকীমান যুৱতীয়ে । মাজে মাজে বেজৰ যাদু টোনা । পেৰেলাইছিছ ৰোগীক সুস্থ কৰি তুলিবলৈ বেজে অৱলম্বন কৰিছে অভিনৱ বেজালি পদ্ধতি । ধুবুৰীৰ পৰা অহা এটা বেজৰ দলে হাউলীৰ কাউৰপাৰাত চলাইছে বেজালি । বেজালী নহয় যেন নাটক হে , বেজালি চাবলৈ ভিৰ কৰিছে দূৰ দূৰণিৰ  ৰাইজে । অৱশ্যে বিজ্ঞানৰ যুগত এনেধৰণৰ ঘটনা ঘটিলে মানুহে নাচাই থাকে কেনেকৈ ।

আনহাতে এই ঘটনাৰ তদন্তৰ দাবী জনাইছে সচেতন ৰাইজে । এনে ঘটনাৰ পুনৰাবৃত্তি নকৰাৰ দাবী সচেতন মহলাৰ ।

Leave a Reply