পৰকীয়া প্ৰেমৰ বাবে হত্যাৰ সন্দেহ
মহানগৰীত পুনৰ যুৱকৰ ৰহস্যজনক মৃত্যু । উলুবাৰীৰ ভাৰাঘৰত উদ্ধাৰ যুৱকৰ মৃতদেহ ।
মৃত যুৱকজন জালুকবাৰীৰ বাবুল আলী বুলি জানিব পৰা গৈছে ।
পৰকীয়া প্ৰেমৰ বাবে হত্যাৰ সন্দেহ ।
মৃত যুৱকজনৰ ডিঙিত আঘাতৰ চিন স্পষ্ট । মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ প্ৰৰন কৰা হয় মৃতদেহ । বৃহস্পতিবাৰে অন্য মহিলাৰ সৈতে নিশা কটাইছিল বাবুলে । বাবুলৰ মৃত্যুৰ খবৰ দিয়ে উক্ত মহিলা গৰাকীয়ে । মহিলাগৰাকীক হত্যাৰ সন্দেহ পৰিয়ালৰ । ভঙাগড় আৰক্ষী থানাত এজাহৰ দাখিল পৰিয়ালৰ । বিবাহিত বাবুলে ৰিহাব চেণ্টাৰলৈ যাম বুলি কৈ আহিছিল পত্নীক । নিশা ৯.৩০ মান বজাত পত্নীৰ সৈতে ফোন যোগে কথাও পাতিছিল বাবুলে ।
মৃত বাবুলে গাড়ীৰ ব্যৱসায় কৰিছিল ।
কিছু দিন পূৰ্বে পত্নীৰ পৰা লাখ টকা লৈছিল । বাবুলৰ পত্নীৰ লগতে সন্তানৰ উপৰতো অত্যাচাৰ চলাইছিল বুলি সংবাদ মাধ্যমৰ আগত জানিব দিয়ে বাবুলৰ পত্নীয়ে ।