আজি গুৱাহাটীত মুখ্যমন্ত্ৰীৰ ‘নিযুত মইনা আঁচনি ২.০’ৰ আবেদন-পত্ৰ বিতৰণ অনুষ্ঠান ।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্রেক্ষাগৃহত আয়োজন কৰা হয় অনুষ্ঠানৰ । ৰাজ্যৰ ৩৮০ৰো অধিক স্থানত বাল্য বিবাহ ৰোধ আৰু উচ্চ শিক্ষা আহৰণৰ লক্ষ্যৰে ৰাজ্যৰ লাখ লাখ কন্যা শিক্ষাৰ্থীৰ বাবে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মাননীয় ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গ্ৰহণ কৰা অভিলাষী আঁচনি ‘মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি ২.০’ ৰ আবেদন পত্ৰসমূহ বিতৰণ কাৰ্য্যসূচী অনুষ্ঠিত কৰা হয়।
পূৰ্বতে এই আঁচনি ৰাজ্যিক বিশ্ববিদ্যালয় আৰু প্ৰাদেশীকৃত বিদ্যালয়তে সীমাবদ্ধ আছিল ।
এইবাৰৰ পৰা এই আচনিয়ে কেন্দ্ৰীয় বিশ্ববিদ্যালয় , অসম বিশ্ববিদ্যালয় , তেজপুৰ বিশ্ববিদ্যালয়কো সমাহিত কৰিব । এইবাৰ আঁচনিখনত উচ্চতৰ মাধ্যমিক , স্নাতক পৰ্য্যায় আৰু স্নাতকোত্তৰ পৰ্য্যায়ৰ প্ৰথম- দ্বিতীয় বৰ্ষৰ সকলো ছাত্ৰীকে সামৰি লব । অহা বৰ্ষত স্নাতক তৃতীয় বৰ্ষৰ ছাত্ৰীকো সামৰি লব। ঘৰৰ পৰা 5 বা 10 কিলোমিটাৰৰ ভিতৰত যি সকল ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিকত নামভৰ্তি কৰে তেওঁলোকে 1000 টকাকৈ লাভ কৰিব ।