শিশু প্ৰতিভাৰ সন্ধানত পুনৰ আহিছে “অকণিৰ ধেমালি – 2026”; পঞ্জীয়ন আৰম্ভ

গুৱাহাটীঃ অসমৰ শিশু-কিশোৰসকলৰ সুপ্ত প্ৰতিভা বিকাশ আৰু প্ৰদৰ্শনৰ লক্ষ্যৰে News Desk Report (NDR Multimedia)-ৰ উদ্যোগত পুনৰ আয়োজন কৰা হৈছে জনপ্ৰিয় শিশু প্ৰতিভা অনুষ্ঠান “অকণিৰ ধেমালি – 2026”

এই অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিভাশালী শিশুসকলে অংশগ্ৰহণৰ সুযোগ লাভ কৰিব। গীত, অভিনয়, আবৃত্তি, বাদ্যযন্ত্ৰ পৰিবেশন আদি বিভিন্ন বিভাগত শিশুসকলে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিব পাৰিব। আয়োজকসকলে জনোৱা অনুসৰি এইবাৰৰ অনুষ্ঠানটো পূৰ্বৰ তুলনাত অধিক বৃহৎ পৰিসৰ, উন্নত প্ৰযোজনা ব্যৱস্থা আৰু ব্যাপক ডিজিটেল প্ৰচাৰৰ সৈতে আয়োজন কৰা হ’ব।

অনুষ্ঠানখনৰ মূল উদ্দেশ্য হৈছে নতুন প্ৰজন্মৰ শিল্পী আৰু প্ৰতিভাসমূহক এক শক্তিশালী মঞ্চ প্ৰদান কৰা, যাতে তেওঁলোকে নিজৰ দক্ষতা বৃহত্তৰ দৰ্শকৰ আগত উপস্থাপন কৰাৰ সুযোগ লাভ কৰে।

অংশগ্ৰহণৰ বাবে পঞ্জীয়ন মাচুল ₹300 নিৰ্ধাৰণ কৰা হৈছে। পঞ্জীয়নৰ পিছত নিৰ্বাচিত অংশগ্ৰহণকাৰীসকলক ৭ দিনৰ ভিতৰত Recording-ৰ তাৰিখ, সময় আৰু স্থান সম্পৰ্কে জনোৱা হ’ব।

ইচ্ছুক অংশগ্ৰহণকাৰীসকলে তলৰ লিংকৰ জৰিয়তে অনলাইন পঞ্জীয়ন কৰিব পাৰিব:

Registration & Payment:
https://rzp.io/rzp/newsdeskreport

অধিক তথ্যৰ বাবে যোগাযোগ:
📞 95777 81416

কাৰ্যালয়:
Kahilipara Main Rd, Bongshar, Jonaknagar, Kahilipara, Guwahati, Assam – 781019

আয়োজক:
News Desk Report (NDR Multimedia)

Leave a Reply