Braking

বজাৰত কিনিবলৈ নোপোৱা ৰঙীন ছাতিয়ে জিলিকাইছে এখন পথাৰ

তীৰ্থনগৰী হাজোৰ হালোগাৱত খেতি পথাৰত দেখিবলৈ পোৱা গৈছে এক নান্দনিক দৃশ্য ।

বজাৰত কিনিবলৈ নোপোৱা ৰঙীন ছাতিয়ে জিলিকাইছে এখন পথাৰ । পথাৰখনত জিলিকিছে বহু ৰং বিৰঙী ছাতি । সহজে কিনিব নোৱাৰা এই ছাতিবোৰ তৈয়াৰ কৰা হৈছে অসমীয়াৰ স্বাভিমান গামোছা, পাট-মুগাৰ কাপোৰৰে তৈয়াৰ কৰা হৈছে । বিশেষকৈ দৰাৰ বাবে তেওঁ তৈয়াৰ কৰে এই থলুৱা সামগ্ৰীবোৰ । ছাতিৰ লগতে তৈয়াৰ কৰা হৈছে টুপী, বেগ , কাভাৰ , কুচন আদি । এজন ব্যক্তিয়ে একক প্ৰচষ্টাৰে মুকলি কৰিছে এই নতুন বাট ।

এজন ব্যক্তিয়ে একক প্ৰচেষ্টাৰে কৰিছে এইদৰে মুকলি কৰিছে স্বাৱলম্বিতাৰ পথ । এই ব্যক্তিজনৰ নাম ৰতন শালৈ । হালোগাওৰ ৰতন শালৈ নামৰ এই ব্যক্তিজনে চমক দিবলৈ সক্ষম হৈছে । কেৱল এই এই ছাতিয়েই নহয় দেখা গৈছে টুপী, বেগ , চোফাৰ কাভাৰ , কুচন, আদি সকলোকে মোহিত কৰি তুলিছে । ৰতন শালৈৰ উৎপাদিত সামগ্ৰীবোৰ নিজ ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যবোৰত আদৰ লাভ কৰিছে । “জীৱন-ৰম্ভা” কুটীৰ উদ্যেগ নাম দি ৰতন শালৈয়ে নিজৰ লগতে অন্য ২৫ গৰাকী যুৱক-যুৱতীক এই উদ্যোগত কৰ্মসংস্হাপন দি আহিছে । একক আৰু অন্যান্য প্ৰয়াসেৰে ৭ বছৰ পূৰ্বে ৰতন শালৈয়ে ছাতি তৈয়াৰৰে আৰম্ভ কৰা এই কুটীৰ উদ্যোগত এতিয়া এপদ এপদকৈ বিভিন্ন সামগ্ৰী তৈয়াৰ কৰি সকলোৰে মৰম বুটলিবলৈ সক্ষম হৈছে। । ৰতন শালৈয়েৰ এই প্ৰয়াসক সকলোৱে ভূয়সী প্ৰশংসা কৰিছে ।

Leave a Reply