দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ গণকপাৰাত চাঞ্চল্যকৰ হত্যাকাণ্ড ।
ভাতৃৰ দাৰ ঘাপত প্ৰাণ গ’ল পংকজ দাস । ভাতৃ গুপ্তমনি দাসৰ বিৰুদ্ধে হত্যাৰ অভিযোগ পৰিয়ালৰ ।
সুৰাপায়ী পংকজ দাসৰ কাণ্ডত অতিষ্ঠ হৈ ভাতৃয়ে সংঘটিত কৰিলে এই কাণ্ড । প্ৰায়েই সুৰাৰ ৰাগীত মাতাল হৈ ঘৰখনত হাৰাশাস্তি কৰিছিল মৃত পংকজ দাসে । ভগ্নীৰ ভাষ্য অনুসৰি দুয়োজন ভাতৃৰ মাজত প্ৰায়েই কাজিয়া পেচাল হৈ থাকে । ঘটনা সংঘটিত হোৱাৰ দিনাও পৰিয়ালৰ সদস্যই কাজিয়া নকৰিবলৈ কৈছিল । কিন্তু গুপ্তমনি দাসে বাৰণ্ডাৰ পৰা আহিয়ে দাৰে ঘপিয়াই হত্যা কৰে I
ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে গুপ্তমনি দাসক I ঘটনা সন্দৰ্ভত অব্যাহত আছে আৰক্ষীৰ অভিযান I