অসম নাগালেণ্ড সীমান্তবৰ্তী ৰেংমা বনাঞ্চলত উচ্ছেদ চলাবলৈ সাজু প্ৰশাসন
নামনি অসমৰ পিছত এইবাৰ উজনি অসমত চলিব চৰকাৰৰ উচ্ছেদ অভিযান । চৰকাৰ সাজু হৈছে উৰিয়ামঘাটত উচ্ছেদ চলাবলৈ ।
সংবাদমেলত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ভিডিঅ’ ফুটেজ প্ৰদৰ্শনৰে প্ৰমাণ দিছিল বনাঞ্চল দখলৰ ।
অসম নাগালেণ্ড সীমান্তবৰ্তী ৰেংমা বনাঞ্চলত ২০/২৫ বছৰে বসতি স্থাপন কৰিছিল সন্দেহযুক্ত বেদখলকাৰীয়ে । বিঘাই বিঘাই মাটিত ঘৰ বনাইছে , খেতি কৰিছে সন্দেহযুক্ত বেদখলকাৰীয়ে । শাল ,চেগুনৰ গছ কাটি হাজাৰ হাজাৰ তামোল গছ ৰোপণ কৰিছিল বনাঞ্চলৰ মাটিত ।
উৰিয়াম ঘাটৰ বেদখলকাৰীৰ স্বীকাৰোক্তি যে তেওঁলোক নগাঁও , মৰিগাঁও , ধিঙ , লাহৰিঘাট আদি ঠাইৰ পৰা অহা ।
কিন্তু সুদীৰ্ঘ সময়ছোৱাত তেওঁলোকে কেইবাখনো গাঁও সৃষ্টি কৰিলে । সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত উৰিয়াম ঘাটৰ অঞ্চলত বসতি স্থাপন কৰা বেদখলকাৰীৰ নাই ভোটাধিকাৰ । তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ যাব লাগে নিজ গাঁওৰ গৃহলৈ । সমষ্টিৰ জনগাঁথনি সলনি কৰিবলৈ চেষ্টা এইসকল বেদখলকাৰীৰ । সংবাদ মাধ্যমৰ আগত জনোৱা মতে তেওঁলোক গৃহহীন নহয়,তেওঁলোকৰ আছে নিজা ঘৰ – পৰিয়াল ।