মহানগৰীত উৎখাত গেষ্ট হাউচৰ যৌনতাৰ বেহা । আৰক্ষীৰ জেৰাত দেহ ব্যৱসায়ৰ অভিযুক্ত ।
কালি এটা ফোন ৰেকৰ্ডিং ভাইৰেল হোৱাৰ পিছৰে পৰা গুৱাহাটীৰ সেই বিশেষ গেষ্ট হাউচৰ বিৰুদ্ধে চলিছিল আৰক্ষীৰ তদন্ত অভিযান ।
অবশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দেহ ব্যৱসায়ৰ সৈতে জঢ়িত অভিযুক্তক । বাপ্তি হাজৰিকা, ৰিতুমণি গোহাঁই ৰাভা, জোনালী চৌহান, ৰিয়া দাসক গ্রেপ্তাৰ বশিষ্ঠ আৰক্ষীৰ ।
আৰক্ষীৰ জেৰাত পোহৰলৈ আহিছে ন ন তথ্য ।
গ্ৰাহকক যোগান ধৰাত সহায় কৰিছিল ব্যাপ্তিৰ প্ৰেমিকাই । সহজ ধনৰ লালসাত আৰম্ভ কৰিছিল যৌনতাৰ বেহা । ২ কোটি টকাৰে বাপ্তি হাজৰিকাই লীজত লৈছিল মহানগৰীত দুটা অট্টালিকা । বাপ্তিৰ প্ৰেমিকাৰ জৰিয়তে গেষ্ট হাউচটোত আৰম্ভ হৈছিল নাৰী দেহৰ ব্যৱসায় ।
আৰক্ষীৰ জেৰাত মুখ খুলিলে মূল অভিযুক্তই ।
আনহাতে এই কাণ্ডৰে নাম সাঙোৰ খাইছে আৰক্ষী জোৱানৰ , ধৃত আৰক্ষী জোৱানজন জীয়াৰুল ৰহমান। দক্ষিণ শালমৰা আৰক্ষী ছাউনিত লেন্স নায়ক হিচাপে কৰ্মৰত ৰহমান। BNSৰ ৩৯৯/২৫নং ধাৰাত নিজাববীয়া গোচৰ ৰুজু বশিষ্ঠ আৰক্ষীৰ । Immoral Trafficking Actৰ 3, 4, 5, 7 ধাৰাও সংযোজন কৰা হৈছে ।
মহানগৰীত উৎখাত গেষ্ট হাউচৰ যৌনতাৰ বেহা I
আৰক্ষীৰ জেৰাত মুখ খুলিলে মূল অভিযুক্তই । আজি আদালতত হাজিৰ কৰোৱা হয় অভিযুক্ত কেইজনক । আৰক্ষীয়ে পুনৰ জিম্মাত ল’ব আটাইকেইটা অভিযুক্তক ।