যেনেকৈ কৈছিল তেনেকৈ গলগৈ….উত্তাল সাগৰক আঁকোৱালী লৈ সাগৰ তলিত চিৰনিদ্ৰাত জুবিন গাৰ্গ I
প্ৰাণৰ মানুহজন গ’লগৈ । এটা যুগৰ অৱসান I অসমীয়াক কন্দুৱাই অজান দেশলৈ গ’লগৈ অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ । কিছুমান খবৰ মানিবলৈ বৰ কষ্টকৰ, বৰ বেদনদায়ক । জুবিন গাৰ্গ আৰু নাই….এই মৃত্যুৰ খবৰ অসহনীয় । জাতিৰ অমূল্য সম্পদ আমি হেৰুৱালোঁ৷ ইয়াতকৈ দুখৰ খবৰ আৰু নাই I এয়া অকল্পনীয়, অবিশ্বাস্য, অনাকাংক্ষিত I
ছিংগাপুৰত দুৰ্ঘটনাত পতিত হাৰ্টথ্ৰু’ৱ জুবিন গাৰ্গ । নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈছিল জুবিন গাৰ্গ । স্কুবা ড্ৰাইভিঙৰ সময়ত সাগৰত পৰি গৈছিল জুবিন গাৰ্গ । গুৰুতৰভাৱে অসুস্থ জুবিনক অচেতন অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল । ইয়াৰ পিছতে আহিল আটাইতকৈ বেয়া খবৰ। জুবিন গাৰ্গ নাই । ছিংগাপুৰত শেষ নিশ্বাস ত্যাগ কৰিলে অসমৰ হাৰ্টথ্ৰবগৰাকীয়ে । সংগীত জগতত শোকৰ ছাঁ । হাস্পতালতে শেষ নিশ্বাস ত্যাগ কৰে জুবিন গাৰ্গে । জুবিন গাৰ্গৰ দেহাৱসানত শোকস্তব্ধ অসম ।
জুবিন গাৰ্গ অসমৰ হিয়াৰ আমঠু । জুবিন গাৰ্গক পৃথকে পৰিচয় দিয়াৰ প্ৰয়োজন নাই । ১৯৭২চনৰ ১৮ নৱেম্বৰত মেঘালয়ত জন্ম হৈছিল জুবিন গাৰ্গৰ । ১৯৯২ চনত মুক্তি লাভ কৰিছিল জুবিন গাৰ্গৰ প্রথমটো এলবাম । ইয়াৰ লগে লগেই জুবিন পেছাদাৰী সংগীত জগতখনত জড়িত হৈ পৰে৪০টাতকৈও অধিক ভাষাত গান গাইছিল জুবিন গাৰ্গে ৩৮ হাজাৰৰো অধিক গীতত কণ্ঠদান ।
কাৰোবাৰ আশীৰ্বাদত জী উঠা হ’লে আজি হয়তো জুবিন গাৰ্গ জী উঠিল হয় । সীমাৰ পৰিধি ভাঙি স্বকীয় ৰূপেৰে উদ্ভাসিত জুবিন গাৰ্গ নামৰ যাদুকৰী কণ্ঠটি এনেদৰে হেৰাই যাব বুলি বিশ্বাস কৰিব নোৱাৰি । চিৰবিদায় হিয়াৰ আমঠু প্ৰিয় শিল্পীগৰাকী I
আৰু গান নাগায় জুবিনে,নাহে আৰু উভতি I সাগৰ তলিত সঁচাই শুৱাৰ মন কৰি শুই থাকিল জুবিন দা I জুবিন দালৈ আমাৰ ফালৰ পৰা জনালোঁ অন্তিম শ্ৰদ্ধাঞ্জলি I