Braking

আকাশ মিছাইলৰ উন্নত সংস্কৰণ “আকাশ প্ৰাইম”

আকাশ মিছাইলৰ উন্নত সংস্কৰণ “আকাশ প্ৰাইম”

২০২৫ চনৰ পহলগাম আক্ৰমণক কেন্দ্ৰ কৰি ভাৰত পাকিস্তানৰ মাজত সৃষ্টি হৈছিল সংঘাতৰ ।

পাকিস্তানৰ সৈতে হোৱা সংঘাতৰ সময়ত ভাৰতে শক্তিশালী S-400 কে ধৰি নিজৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰে শ শ ড্ৰ’ন আৰু মাৰাত্মক ক্ষেপণাস্ত্র নিষ্ক্রিয় কৰি নিজৰ শক্তি প্ৰদৰ্শন কৰিছিল । উচ্চ প্ৰযুক্তিৰ প্ৰতিৰক্ষা সঁজুলি আৰু ক্ষেপণাস্ত্ৰ ব্যৱস্থা নিৰ্মাণৰ ক্ষেত্ৰত ভাৰতেও যথেষ্ট অগ্রগতি লাভ কৰিছে । ইয়াৰ উৎকৃষ্ট উদাহৰণ হ’ল আকাশ প্রাইম এয়াৰ ডিফেন্স চিষ্টেম । পাকিস্তানৰ সৈতে সংঘাতৰ সময়ত আকাশ ইতিমধ্যে নিজৰ সামর্থ্য প্ৰদৰ্শন কৰিছে আৰু এতিয়া আকাশ প্রাইমৰ সফল পৰীক্ষাৰ প্ৰত্যক্ষদর্শী হবলৈ পালে ।

২০২৫ চনৰ ১৬ জুলাইত উচ্চ উচ্চতাত আকাশ প্ৰাইমৰ সফল পৰীক্ষা সম্পন্ন হয় ।

লাডাখৰ উচ্চ উচ্চতাত দুটা Aerial High Speed Unmanned টাৰ্গেট সফলতাৰে ধ্বংস কৰি এক উল্লেখযোগ্য মাইলৰ খুঁটি অৰ্জন কৰে Akash Prime য়ে । ৪৫০০ মিটাৰৰ ওপৰৰ উচ্চতাত কাম কৰিব পৰাকৈ এই Akash Prime ক কাষ্টমাইজ কৰা হৈছে আৰু ইয়াত থলুৱাভাৱে বিকশিত ৰেডিঅ’ ফ্ৰিকুৱেন্সি ছিকাৰকে ধৰি শেহতীয়া উন্নীতকৰণ কৰা হৈছে ।

ট্ৰায়েলসমূহ ফাৰ্ষ্ট অৱ প্ৰডাকচন মডেল ফায়াৰিং ট্ৰায়েলৰ অংশ হিচাপে কৰা হৈছিল

ভাৰত ডাইনেমিক্স লিমিটেড এণ্ড ভাৰত ইলেক্ট্ৰনিকছ লিমিটেডৰ দৰে প্ৰতিৰক্ষা পি এছ ইউ আৰু অন্যান্য উদ্যোগ অংশীদাৰসকলে থলুৱাভাৱে ডিজাইন কৰা আৰু বিকশিত কৰা আকাশ প্ৰাইমক সফলতাৰে বৈধতা প্ৰদান কৰিছে বায়ু সেনা প্ৰতিৰক্ষা আৰু DRDO ই । এই ট্ৰায়েলসমূহ ফাৰ্ষ্ট অৱ প্ৰডাকচন মডেল ফায়াৰিং ট্ৰায়েলৰ অংশ হিচাপে কৰা হৈছিল আৰু ইয়াৰ দ্বাৰা দেশৰ উচ্চ উচ্চতাৰ সীমান্তত সময়মতে ইনডাকচন আৰু বৃদ্ধিৰ সম্ভাৱনা অধিক সম্ভৱ হ’ব।

এতিয়া বিশ্বৰ প্ৰতিৰক্ষা বজাৰত ক্ৰমান্বয়ে বিকাশ লাভ কৰা দেশখনৰ ক্ষেপণাস্ত্ৰ উন্নয়ন কাৰ্যসূচীৰ বাবে ই এক ডাঙৰ পদক্ষেপ।

Leave a Reply