Braking

ভাৰতীয় ৰে’লৱেৰ মানচিত্ৰত প্ৰথমবাৰৰ বাবে সংযোজন মিজোৰাম

ভাৰতীয় ৰে’লৱেৰ মানচিত্ৰত প্ৰথমবাৰৰ বাবে সংযোজন মিজোৰাম I

ঐতিহাসিক ক্ষণটোৰ সাক্ষী হ’ল পাৰ্বত্য ৰাজ্যখনৰ ৰাইজ।

স্বাধীনতাৰ ৭ টা দশকৰ পাছত প্ৰথমবাৰৰ বাবে মিজোৰাম ৰে’লযোগে সংযুক্ত হৈছে দেশৰ ৰাজধানী চহৰ দিল্লীৰ সৈতে । প্রধানমন্ত্রীয়ে উদ্বোধন কৰিলে বৈৰৱী-ছাইৰাং ব্রডগজ ৰে’লপথ ।

স্বাধীনতাৰ ৭৮ বছৰ পাছত প্ৰথমবাৰলৈ ভাৰতৰ ৰে’ল মানচিত্ৰৰ সৈতে সংযুক্ত হ’ল মিজোৰাম ।

ভৈৰৱী-চাইৰাং ষ্টেচনৰ পৰা দিল্লীৰ আনন্দ বিহাৰলৈ ৰাজধানী এক্সপ্ৰেছ উদ্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে ৫১ কিঃমিঃ দৈৰ্ঘ্যৰ ভৈৰৱী-চাইৰাং ৰে’লপথ । ৮,০৭০ কোটি টকাৰ ৰে’ল প্ৰকল্পৰ উদ্বোধন প্ৰধানমন্ত্ৰীৰ । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভাৰম্ভণি কৰিছিল ৩খনকৈ ৰে’লৰ।

নিশা গুৱাহাটী ৰে’ল ষ্টেচনত উপস্থিত হয় চাইৰাং-আনন্দবিহাৰ ৰাজধানী এক্সপ্ৰেছ।

উপস্থিত হোৱাৰ পাছতে ৰে’লখনৰ ফ্লেগ অফ কৰে গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধিয়ে। অত্যাধুনিক আন্তঃগাঁথনিৰে উত্তৰ-পূৰ্বাঞ্চলকে ধৰি সমগ্ৰ দেশক একত্ৰিত কৰি ৰাখিবলৈ প্ৰধানমন্ত্ৰী মহোদয়ৰ এই পদক্ষেপ ত উৎফুল্লিত প্ৰতিজন ভাৰতীয়বাসী ।

Leave a Reply