GMCH ত ভয়ংকৰ ঘটনা । NICU ত বিছনাৰ পৰা পৰি নৱজাতকৰ মৃত্যু ।
অবিশ্বাস্য যেন লাগিলেও এইয়াই বাস্তৱ !
GMCH ৰ প্ৰসূতি বিভাগৰ ৩ নং মহলাত ঘটিল অঘটন । GMCHৰ BABY NICU বিছনাৰ পৰা পৰিল ৪ নৱজাতক । GMCH কর্তৃপক্ষৰ গাফিলতিৰ বাবেই মৃত্যুক আঁকোৱালি এটি কণমানি কন্যা দেৱশিশুৰ । একেখন বিচনাত ৰাখিছিল ৪ টা শিশু । গুৰুতৰভাৱে আহত আন ৩ টি শিশু ।
পিতৃৰ ভাষ্য অনুসৰি ১৫ আগষ্টত জন্ম হৈছিল দেৱশিশুটোৰ ।
এদিন পূৰ্বে পিতৃৰ কোলাত উঠি হাঁহি স্ফুৰ্তিৰে খেলিছিল । দুই এটা সামান্য টেষ্ট আৰু ইনফেকচনৰ বাবে হস্পতাললৈ নিবলৈ পৰামৰ্শ দিছিল চিকিৎসকে । প্ৰসূতি বিভাগৰ দায়িত্বত আছিল চিকিৎসক পূজা শইকীয়া । চিকিৎসালয় কর্তৃপক্ষৰ এনে গাফিলতিৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে ৰোগীৰ অভিভাৱকে । ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি ।