Braking

অৱশেষত ন্যায় পালে নন্দিতা শইকীয়াই

অৱশেষত ন্যায় পালে নন্দিতা শইকীয়াই I আজি হত‍্যাকাৰী ৰিন্টু শৰ্মাক মৃত‍্যুদণ্ডৰ ৰায় দিলে আদালতে I

হত্যাৰ চাৰি বছৰৰ অন্তত ন্যায় পালে মৰিঢল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতাৰ পৰিয়ালে  ।

হত্যাকাৰী ৰিন্টু শৰ্মাক দোষী সাব্যস্ত হোৱাৰ পিছদিনাই ধেমাজি জিলা সত্র ন্যায়ধীশৰ আদালতে মৃত‍্যুদণ্ডৰ ৰায় দিলে । ধেমাজি থানাত দেৱদত্তই দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীৰ তদন্তৰ অন্তত দোষী সাব্যস্ত কৰিছিল আদালতে ।

ভাৰতীয় দণ্ড বিধি ৩৪১/৩২৬/৩০৭/৩০২ৰ অধীনত আদালতে দোষী সাব্যস্ত কৰিছিল ৰিন্টু শৰ্মাক ।

২০২১ চনৰ ২১ আগষ্টত  মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰৰ কৰ্মচাৰী ৰিন্টু শৰ্মাই  দিন-দুপৰতে নৃশংসভাৱে দাৰে আক্ৰমণ কৰিছিল নন্দিতা শইকীয়া , কাস্মিনা দত্ত আৰু কাস্মিনাৰ পিতৃ দেৱ দত্তক ।  ৰিন্টু শৰ্মাৰ উপৰ্যুপৰি দাৰ আক্ৰমণত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত নন্দিতাই জীৱন মৰনৰে যুঁজি ২৫ আগষ্টত নিয়তিৰ ওচৰত হাৰ মানিছিল ।

অৱশেষত ন্যায় পালে নন্দিতা শইকীয়াই I

Leave a Reply