বিকাশৰ বতৰা লৈ অসমত প্ৰধানমন্ত্ৰী I
দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । প্ৰথমদিনৰ কাৰ্য্যসূচী অনুসৰি ২০ ডিচেম্বৰত প্ৰধানমন্ত্ৰীয়ে উপস্থিত হৈয়েই আদানীৰ উপস্থিতিত অত্যাধুনিক ৰূপত সজাই তোলা লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰৰ নতুন টাৰ্মিনেল মুকলি কৰে । উল্লেখ্য যে অসমৰ বাঁহেৰে কপৌফুলৰ আৰ্হিৰে নিৰ্মাণ কৰা হৈছে বৰঝাৰ বিমানবন্দৰৰ নতুন টার্মিনেল । গুৱাহাটীৰ এই বিমান বন্দৰটোত ১ কোটি ৩০ লাখ যাত্ৰীয়ে বছৰত অহা যোৱা কৰাৰ সুবিধা লাভ কৰিব । এই বিমান বন্দৰতে নতুন টাৰ্মিনেল নিৰ্মাণৰো ব্যৱস্থা সন্নিৱিষ্ট কৰা হৈছে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ।
তাৰ পিছতেই নতুন টাৰ্মিনেলতেই উন্মোচন কৰে ৮০ ফুট উচ্চতাৰ গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তি । তাৰ পিছতেই বিশাল জনসভাত ভাষণ প্ৰদান কৰে । তাৰ পাছতেই প্ৰধানমন্ত্ৰী গৰাকীয়ে বৰঝাৰ বিমান বন্দৰৰ পৰা বশিষ্ঠৰ বাজপেয়ী ভৱনলৈ এক ৰোড শ্ব’ কৰে । আৰম্ভণিৰ পৰাই উৎসুকতাৰে ৰৈ থকা অসমবাসীয়ে প্ৰধান মন্ত্ৰী গৰাকীক উষ্ম আদৰণি জনোৱাৰ দৰেই ৰোড শ্ব’ তো সমানেই আদৰ সাদৰ কৰা পৰিলক্ষিত হল । গুৱাহাটীবাসীৰ লগতে
বিভিন্ন ঠাইৰ পৰা আহি সমবেত হোৱা লাখ লাখ লোকে আদৰিলে প্ৰধানমন্ত্ৰীক । পৰৱৰ্তী সময়ত বিজেপিৰ ৰাজ্যিক কার্যালয়ত দলীয় কর্মীৰে সৈতে বৈঠকত বহে প্ৰধানমন্ত্ৰী গৰাকীয়ে । প্ৰথম দিনৰ কাৰ্যসূচী সামৰি গমন কৰিলে কইনাধৰাৰ ৰাজ্যিক অতিথিশালালৈ ।
আজি অৰ্থাৎ ২১ ডিচেম্বৰ তাৰিখে পুৱা গে’টৱে অৱ গুৱাহাটীলৈ ৰাওনা হয় প্ৰধানমন্ত্ৰী গৰাকী। কনভয়ৰ মাজেৰে মহানগৰীৰ GS ৰোড হৈ ফাঁচীবজাৰ ঘাটলৈ ৰাওনা হয় প্ৰধানমন্ত্ৰী গৰাকী । লুইতৰ বুকুত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় প্রধানমন্ত্ৰীৰ ‘পৰীক্ষা পে চৰ্চা অনুষ্ঠান’ । চৰাইদেউ জাহাজত অসমৰ বিভিন্ন জিলাৰ পৰা অহা ২৫ গৰাকী মেধাৱী শিক্ষাৰ্থীৰে মত-বিনিময় কৰে প্ৰধানমন্ত্ৰীয়ে ।
এই কাৰ্য্যসূচীৰ পাছতেই বৰাগাঁৱৰ শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে । বৰাগাঁৱৰ শ্বহীদ স্মাৰক ক্ষেত্ৰত অসম আন্দোলনৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । দ্বিতীয় দিনৰ অন্তিমটো কাৰ্য্যসূচী অনুসৰি উপস্থিত হয় নামৰূপত । নামৰূপত ১২. ৭ লাখ মেট্ৰিকটন ইউৰিয়া উৎপাদনৰ নতুন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে । নামৰূপ সাৰ কাৰখানাৰ এমনিয়া-ইউৰিয়া প্ৰকল্পৰ ভূমিপূজন আৰু আধাৰশিলা অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । সাৰ উৎপাদনেৰে আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণৰ লক্ষ্য প্ৰধানমন্ত্ৰীৰ । প্রতিদিনে ২,২০০ মেট্রিকটন এম’নিয়া উৎপাদনৰ লগতে প্রতিদিনে ৩,৮৫০ মেট্রিকটন ইউৰিয়া উৎপাদনৰ লক্ষ্য কৰা হৈছে ।
কেইবাটাও কাৰ্য্যসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰীয়ে বিয়লি ৩ বজাত বিদায় লয় অসমৰ পৰা ।