Braking

আৰক্ষীৰ জালত SC কেলেংকাৰিৰ মাষ্টাৰ মাইণ্ড পিণ্টু দাস

হোজাই আৰক্ষীৰ জালত অনুসূচিত জাতি উন্নয়ন ব’ৰ্ডৰ কেলেংকাৰিৰ মাষ্টাৰ মাইণ্ড পিণ্টু দাস ।

পলাতক উপাধ্যক্ষ পিণ্টু দাসক ৰহাত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । হোজাইৰ SC বৰ্ডৰ উপাধ্যক্ষ আছিল পিন্টু দাস । কিছুদিন পূর্বে পিণ্টু দাস আৰু তেওঁৰ সহযোগীৰ ঘৰৰ পৰা উদ্ধাৰ হৈছিল SC বোৰ্ডৰ বহু সা-সামগ্ৰী । সামাজিক মাধ্যমত ভাইৰেল হৈছিল বাণ্ডিলে বাণ্ডিলে টকাসহ পিণ্টু দাসৰ ফটো । আলমিৰা আৰু গাড়ীৰ ভিতৰত দেখুৱাইছিল বান্দিলে বান্দিলে টকা ।

 বিজেপি নেতা প্রসেনঞ্জিত দাসে দাখিল কৰা এজাহাৰৰ ভিত্তিত চলিছিল আৰক্ষীৰ অভিযান I

পূৰ্বে পিণ্টু দাসৰ লগতে দুই ঘনিষ্ঠৰ ঘৰত চলিছিল আৰক্ষীৰ তালাচি । ২৭ জুলাইত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দুই সহযোগীক । অৱশেষত SC কেলেংকাৰিৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম আৰক্ষী প্ৰশাসন ।জখলাবন্ধাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দাসক । সম্প্রতি হোজাই আৰক্ষীৰ জিম্মাত ধৃত দাস।

Leave a Reply