স্বাধীনতা সংগ্ৰামী মঙ্গল পাণ্ডে
ব্ৰিটিছে ভাৰতবৰ্ষ দখল কৰাৰ পৰৱৰ্তী সময়ত ভাৰতৰ অধিকাংশ ব্যক্তিয়ে ভাৰতবৰ্ষক ব্ৰিটিছৰ দখলৰ পৰা মুক্ত কৰিবলৈ প্ৰচেষ্টা হাতত লৈছিল। ইংৰাজ কবলৰ পৰা ভাৰতক মুকলি কৰিবলৈ প্ৰথমখন স্বাধীনতা সংগ্ৰামৰ সূচনা হৈছিল ১৮৫৭ চনত। চিপাহী বিদ্ৰোহেই আছিল ভাৰতৰ প্ৰথম স্বাধীনতা যুদ্ধ । এই বিদ্ৰোহ নিৰ্মমভাৱে দমন কৰা হৈছিল । এই স্বাধীনতা সংগ্ৰামৰ সময়ত ভাৰতৰ বহুকেইখন ৰাজ্যৰ ৰজাসকলৰ সমান্তৰালকৈ সাধাৰণ জনসাধাৰণো ব্ৰিটিছৰ সৈতে সাহসেৰে মুখামুখি হৈছিল। বহু নিৰপৰাধ নৰ−নাৰী, শিশু−বৃদ্ধক নিৰ্বিচাৰে হত্যা কৰা হয় । তান্টিয়া টুপী , ৰাণী লক্ষ্মীবাই, মংগল পাণ্ডেৰ দৰে লোকে এই স্বাধীনতা সংগ্ৰামখন সফল কৰাৰ বাবে সকলো শক্তি প্ৰয়োগ কৰিছিল।
ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত মংগল পাণ্ডে হ’ল এটা উল্লেখযোগ্য নাম।
১৮৫৭ চনত ব্ৰিটিছৰ বিৰুদ্ধে সূচনা হোৱা প্ৰথমখন ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথম শ্বহীদ আছিল । মংগল পাণ্ডে এজন ভাৰতীয় সৈনিক আছিল । যি তেওঁ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ 34 তম বেংগল নেটিভ ইনফেণ্ট্ৰী আৰ্মি (ৰেজিমেণ্ট)ৰ চিপাহী আছিল। ভাৰতৰ স্বাধীনতা সংগ্ৰামত প্ৰথম শ্বহীদ বৰণ কৰা মংগল পাণ্ডেৰ জন্ম হৈছিল ১৮২৭ চনৰ ১৯ জুলাই তাৰিখে বৰ্তমান উত্তৰ প্ৰদেশৰ বলিয়া জিলাৰ এটা অতি ৰক্ষণশীল উচ্চ বৰ্ণৰ হিন্দু পৰিয়ালত। অৱশ্যে একাংশ ব্যক্তিয়ে মংগল পাণ্ডেৰ জন্ম স্থান ফৈজাবাদ জিলাৰ সুৰহুৰ গাঁৱত বুলিও অভিহিত কৰিছে। মংগল পাণ্ডেৰ পিতৃৰ নাম হ’ল দিবাকৰ পাণ্ডে।
১৮৫৭ চনৰ মহাবিদ্ৰোহৰ সময়ত ৩৪ নং বংগ নেটিভ ৰেজিমেণ্টৰ সৈনিক হিচাপে কৰ্মৰত আছিল মংগল পাণ্ডে
শৈশৱৰ পৰাই সমাজ হৈতিষী মনৰ অধিকাৰী মংগল পাণ্ডেই প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা সমাপ্ত কৰাৰ পিছত ১৮৪৯ চনত বাইশ বছৰ বয়সতে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীত চিপাহী হিচাপে যোগদান কৰে। উচ্চাভিলাষী মনৰ মংগল পাণ্ডেৰ বাবে তেওঁৰ চিপাহী চাকৰিটো আছিল উন্নতি পথৰ এডাল জখলা। উল্লেখ্য যে, ১৮৫৭ চনৰ মহাবিদ্ৰোহৰ সময়ত ৩৪ নং বংগ নেটিভ ৰেজিমেণ্টৰ সৈনিক হিচাপে কৰ্মৰত আছিল মংগল পাণ্ডে । কিন্তু উচ্চাভিলাষী মনৰ চিপাহী বৃত্তিত নিয়োজিত মংগল পাণ্ডেৰ জীৱনৰ উচ্চাকাংক্ষৰ সৈতে ধৰ্মীয় বিশ্বাসৰ এক সংঘাত সৃষ্টি হৈছিল।
এনফিল্ড ৰাইফল ব্যৱহাৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল
তেওঁ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ এনফিল্ড ৰাইফল ব্যৱহাৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল , যিটো হিন্দু আৰু মুছলমান সৈনিকৰ বাবে ধৰ্মীয়ভাৱে আক্ৰমণাত্মক আছিল। সেই সময়ৰ এনফিল্ড ৰাইফলৰ কাৰ্টিজত গৰু আৰু গাহৰিৰ চৰ্বি মিহলি হৈ আছিল, যিটো হিন্দু আৰু মুছলমান সৈনিকৰ বাবে ধৰ্মীয়ভাৱে আপত্তিজনক আছিল। ব্যৱহাৰৰ পূৰ্বে কাৰ্টিজবোৰ দাঁতেৰে ফালিব লগা হৈছিল, যিটো তেওঁলোকৰ ধৰ্ম আৰু সংস্কৃতিক অপমানজনক আছিল । গুৰুত্বপূৰ্ণ কথা যে, ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীত চিপাহী হিচাপে যোগদান কৰাৰ পিছতেই মংগল পাণ্ডেই তাত কৰ্মৰত ব্ৰিটিছ সৈনিক আৰু ভাৰতীয় সৈনিকৰ মাজত বৈষম্যমূলক আচৰণ তথা বিভেদ প্ৰত্যক্ষ কৰিছিল। পৰৱৰ্তী সময়ত বেৰাকপুৰৰ সেনা ছাউনীত মংগল পাণ্ডেই ১৮৫৭ চনৰ ২৯ মাৰ্চত আন আন ভাৰতীয় সৈনিকক ব্ৰিটিছ বিষয়াৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ উৎসাহিত কৰাৰ লগতে ব্ৰিটিছ বিষয়াক হত্যা কৰি চেষ্টা কৰাৰ অভিযোগত মৃত্যু দণ্ডেৰে দণ্ডিত কৰিছিল মংগল পাণ্ডেক।