Braking

শ্যামকানু মহন্তক ব্লেকলিষ্ট কৰিলে অসম চৰকাৰে

অসমত নিষিদ্ধ শ্যামকানু মহন্তৰ সকলো অনুষ্ঠান ।

ৰাজ্য চৰকাৰে শ্যামকানু মহন্ত আৰু তেওঁৰ সৈতে জড়িত কোনো অনুষ্ঠানক নিদিয়ে চৰকাৰী পুঁজি অথবা বিজ্ঞাপন I লগতে কেন্দ্ৰীয় চৰকাৰকো শ্যামকানু মহন্তক নিষিদ্ধ কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ । সামাজিক মাধ্যম যোগে এই ঘোষণা মুখ্যমন্ত্ৰীৰ ।জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক লৈ তুলপাৰ সমগ্ৰ ৰাজ্য । প্ৰিয় শিল্পীজনৰ ন্যায় বিচাৰি ৰাজ্যত বিভিন্ন প্ৰান্তত এজাহাৰ দাখিল কৰিছিল ৰাইজে ।

Singapore Assam Association ৰ আয়োজক শ্যামকানু মহন্তৰ বিৰুদ্ধে গোচৰ তৰিছিল বিভিন্ন ঠাইত । অসমৰ সৰ্বত্ৰ ৰাইজে বিচাৰিছিল জুবিন গাৰ্গত মৃত্যৰ উচিত তদন্ত হওঁক । তাৰ পিছতেই ৰাজ্য চৰকাৰে ঘোষণা কৰিলে এক বৃহৎ মন্তব্য । শ্যামকানু মহন্তক ব্লেকলিষ্ট কৰিলে অসম চৰকাৰে । ৰাজ্যত কোনো ধৰণৰ অনুষ্ঠান আয়োজন কৰিব নোৱাৰিব শ্যামকানু মহন্তই । চৰকাৰী পুঁজি , বিজ্ঞাপন দিয়া নহ’ব শ্যামকানু মহন্ত বা তেওঁৰ লগত জড়িত থকা কোনো অনুষ্ঠানক । অসম চৰকাৰৰ লগতে ভাৰতৰ কোনো স্থানত Financialy sponsored বন্ধ কৰিবলৈ আহ্বান জনাব ভাৰত চৰকাৰক । ইয়াৰ পৰা এটা কথা স্পষ্ট হল যে জুবিনৰ মৃত্যুৰ বাবে শ্যামকাণু মহন্তক অপৰাধী হিচাপে চৰকাৰে মানি ললে |

Leave a Reply