জুবিনৰ মৃত্যুৰে অভিযুক্ত শ্যামকানু , সিদ্ধাৰ্থক গ্ৰেপ্তাৰ । জুবিন গাৰ্গৰ মৃত্যুৰ ১৩ দিন পিছত গ্ৰেপ্তাৰ হল দুই অভিযুক্ত ।
অসমবাসীৰ হিয়াৰ আমঠু প্ৰাণৰ গণশিল্পী জুবিন গাৰ্গৰ ৰহস্যময় মৃত্যুৰ সৈতে জড়িত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ ।
হাতত হেণ্ডকাফ লগাই CID কাৰ্যালয়ত হাজিৰ কৰোৱা হ’ল সিদ্ধাৰ্থ-শ্যামকানুক । আৰক্ষীয়ে ১৪ দিনৰ CID ৰ জিম্মাত ৰাখিব শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা ।
কটকটীয়া নিৰাপত্তাৰ মাজেদি লৈ অনা হল দুই অভিযুক্তক । ৩০ৰো অধিক কনভয়, বুলেটপ্ৰুফ বাহনেৰে আহি CIDৰ কাৰ্যালয়ত উপস্থিত কৰোৱা হ’ল দুই অভিযুক্তক । ছিংগাপুৰৰ পৰা দিল্লীলৈ অহা শ্যামকানুক দিল্লী বিমান বন্দৰত গ্ৰেপ্তাৰ । আনহাতে ৰাজস্থানত ঘূৰি ফুৰা সিদ্ধাৰ্থক হাৰিয়ানাক ট্ৰেচ কৰি গ্ৰেপ্তাৰ ।
আনহাতে আৰক্ষীয়ে সিদ্ধাৰ্থৰ পৰা জব্দ কৰে জুবিন গাৰ্গৰ মোবাইল । জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ পিছৰ পৰা সিদ্ধাৰ্থৰ ওচৰত আছিল জুবিন গাৰ্গৰ মোবাইল ফোন । সন্দিপন গাৰ্গে সিদ্ধাৰ্থৰ পৰা বিচাৰিছিল যদিও সন্দিপনক গতাই দিয়া নাছিল মোবাইলটো ।
পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তত ওলাই পৰিব প্ৰকৃত ৰহস্য ।