পুনৰ অগ্নিগৰ্ভা নেপাল । তেজৰ বিনিময়ত সামাজিক মাধ্যম I
পুনৰ অগ্নিগৰ্ভা নেপাল ।
এইবাৰ গোষ্ঠীগত সংঘৰ্ষত নেপাল জ্বলা নাই , নেপাল জ্বলিছে সামাজিক মাধ্যমৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা নিষেধাজ্ঞাৰ বাবে হে । ছ’চিয়েল মিডিয়াৰ নিষিদ্ধকৰণক লৈ প্ৰতিবাদত উত্তাল নেপালৰ কাঠমাণ্ডু চহৰ । নেপাল চৰকাৰে নিষিদ্ধ কৰিছিল ২৬ টাকৈ সামাজিক মাধ্যমৰ প্লেটফৰ্ম ।
নিষিদ্ধ কৰা প্লেটফৰ্মসমূহৰ ভিতৰত আছে
– ফেচবুক, ইনষ্টাগ্ৰাম, মেচেঞ্জাৰ, ইউ টিউব, এক্স, ৰেডিট, লিংকডইন, হোৱাটছ এপ, ডিচক’ৰ্ড, পিনটেষ্টাৰ, চিগনেল, থ্ৰেডছ, উই চাট, কোৰা, টাম্বলাৰ, ক্লাবহাউছ, ৰামবল, লাইন, ইমো, জালো, হামৰো পেট্ৰ’, মি ভিডিঅ’, মি ভাইকে ৩ আৰু ছল । ইয়াৰ বিপৰীতে যিবোৰ ছাইট এতিয়াও উপলব্ধ, সেইবোৰ হৈছে – টিকটক, ভাইবাৰ, ৱেটক, নিম্বুজ, টেলিগ্ৰাম আৰু গ্ল’বেল ডায়েৰী । এই কঠোৰ সিদ্ধান্ত গ্ৰহণৰ পিছতেই হেজাৰ হেজাৰ যুৱক যুৱতীৰ মাজত সৃষ্টি হৈছিল তীব্ৰ উত্তেজনা ।
এই নিষেধাজ্ঞা প্ৰত্যাহাৰৰ দাবীত ৰাজপথলৈ আহিছিল হেজাৰ হেজাৰ প্ৰতিবাদকাৰী ।
তাৰ পিছতেই নেপালত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি । ৮ ছেপ্টেম্বৰত সৃষ্টি হৈছিল উত্তাল প্ৰতিবাদ । এই প্ৰতিবাদে এনে পৰ্য্যায় পাইছিলগৈ যে ২০ জনকৈ প্ৰতিবাদীৰ মৃত্যু হৈছিল । জানিব পৰা মতে প্ৰতিবাদকাৰী আৰু আৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত প্ৰায় ২১ জন লোক , প্ৰায় ২ শতাধিক আহত হৈছিল । অৱশেষত সেও মানি নিষেধাজ্ঞা প্ৰত্যাহাৰৰ সিদ্ধান্ত লৈছিল নেপাল চৰকাৰে ।
এই অস্থিৰতাই গৃহমন্ত্ৰী ৰমেশ লেখকৰ পদত্যাগ পৰ্যন্ত কৰাবলৈ বাধ্য হৈছিল ।
নেপালত হোৱা হিংসাত্মক প্ৰতিবাদত কমেও ১৯ জন লোকৰ মৃত্যু আৰু ৩০০ৰো অধিক লোক আহত হোৱাৰ পাছত দেশখনৰ চৰকাৰে ছ’চিয়েল মিডিয়া চাইটসমূহ নিষিদ্ধ কৰাৰ পূৰ্বৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰে। ইতিমধ্যে ফেচবুক, ‘এক্স’, হোৱাটছএপ আদি ছ’চিয়েল মিডিয়া চাইটসমূহ সোমবাৰে নিশাৰ পৰা পুনৰ কাৰ্যক্ষম হৈ উঠিছে।