Braking

কাৰ্টুনৰ পৰাই সৃষ্টি হোৱা টেডি বিয়েৰৰ কাহিনী…..

টেডি বিয়েৰ সকলোৰে প্ৰিয় নহয় নে ? শিশুৰ পৰা বৃদ্ধ লৈকে সকলোৰে সকলোৰে বাবে এটি মৰমৰ উপহাৰ এই টেডি বিয়েৰ । বিশেষকৈ ভেলেণ্টাইন ডে’ত প্ৰেমৰ প্ৰতীক হিচাপেও টেডি বিয়েৰ ব্যৱহাৰ কৰা হয় ।  ১৯ শতিকাৰ শেষৰ ফালে প্ৰচলন আৰম্ভ হৈছিল টেডি বিয়েৰৰ । ইতিহাসো যথেষ্ট আকৰ্ষণীয় ।

  টেডি বিয়েৰ (Teddy Bear) নামেৰে জনাজাত এই পুতলা ভালুক পোৱালিটোৰ নাম প্রসিদ্ধ মার্কিন ৰাষ্ট্ৰপতি থিঅ’ডৰ ৰুজভেল্টৰ নামানুসৰি কৰা হৈছে। ৰুজভেল্ট জনসমাজত ঘাইকৈ ‘টেডি ৰুজভেল্ট’ নামেৰেই জনাজাত আছিল। ৰুজভেল্ট আছিল এজন ভাল চিকাৰী। ১৯০২ চনত ‘বাশ্বিংটন পোষ্ট’ত এটা কার্টুন প্রকাশ হয়। কার্টুনটোত এটা মৰমলগা ভালুকৰ পোৱালিক চিকাৰীয়ে বন্দী কৰা দেখুউৱা হৈছিল। কার্টুনটোত ৰুজভেল্টৰো ছবি আছিল। চিকাৰীয়ে বন্দী কৰা ভালুকৰ পোৱালিটো গুলীয়াবলৈ ৰুজভেল্ট অমান্তি হৈছে, সেয়ে আছিল কার্টুনটোৰ বিষয়বস্তু। ইয়াৰ পাছৰপৰাই জন্ম হয় টেডি বিয়েৰ পুতলা।

মৰিছ মিচ্চকম (Morris Mitchcom) নামৰ এজন উৰ্বৰ মস্তিষ্কৰ পুতলা নিৰ্মাণ কৰোঁতাই ঠিক সেই কার্টুনটোত থকাৰ দৰেই এটা অতি মৰমলগা ভালুকৰ পোৱালিৰ পুতলা সাজি নিজৰ দোকানত সজাই থৈছিল। বাদামী ৰঙৰ মখমল (ভেলভেট) কাপোৰেৰে নিৰ্মিত এই ভালুক পোৱালিটোৰ হাত-ভৰি লৰাব পৰা ব্যৱস্থাও আছিল। চকু দুটাৰ ঠাইত আছিল দুটা উজ্জ্বল ক’লা বুতাম। ডিঙিত সেউজীয়া ফিটা বান্ধি কাচৰ শ্ব’কেছত ভালুক পোৱালিটোক বহুৱাই তেওঁ তলত লেবেল লগালে ‘টেডি বিয়েৰ’। ইয়াৰ পাছৰেপৰা সমগ্র বিশ্বতে টেডি বিয়েৰে প্ৰচুৰ জনপ্রিয়তা লাভ কৰিবলৈ ধৰে।

Leave a Reply