Braking

The Vulture and The Little Girl

“The Vulture and The Little Girl ” , নব্বৈৰ দশকত তোলা এখন বিশেষ ফটো I

The Vulture and The Little Girl , যাক The Struggling Girl  বুলিও কোৱা হয় I

কেভিন কাৰ্টাৰৰ এখন ফটো যিখনে সমগ্ৰ বিশ্বতে তোলপাৰ লগাইছিল । ১৯৯৩ চনৰ ২৬ মাৰ্চত প্ৰথমবাৰৰ বাবে দ্য নিউয়ৰ্ক টাইমছত  প্ৰকাশ পাইছিল এই বিশেষ ফটোখন । প্ৰতিচ্ছবিখনে চুডানৰ বিধ্বংসী দুৰ্ভিক্ষক প্ৰতিনিধিত্ব কৰিছিল । ইয়াৰ লগতে ইয়াৰ সৃষ্টিকৰ্তা দক্ষিণ আফ্ৰিকাৰ ফটো সাংবাদিক কেভিন কাৰ্টাৰকো চৰ্চালৈ আনিছিল । ১৯৯৩ চন , চুডানৰ দুৰ্ভিক্ষ । ভোক-পিয়াহত আতুৰ মানুহৰ কিৰিলি । ফটো খনত আছে এটা ক্ষুধাতুৰ শিশু , তাৰে দুগজ আঁতৰত আছে এটা শগুন । শিশুটোৱে অপেক্ষাত আছে জীৱন বচোৱাৰ তাড়নাত অলপ খাদ্যৰ বাবে আৰু শগুনটো আছে অনাহাৰে থকা শিশুটোৰ মৃত্যুৰ আশাত । এই সমগ্ৰ ঘটনা কেমেৰাত আবদ্ধ কৰিলে কেভিন কাৰ্টাৰ নামৰ ফটোগ্ৰাফাৰ জনে ।

এই ফটোখনে তেওঁক দিলে জনপ্ৰিয়তা , সন্মানীয় পুলিৎজাৰ বঁটা ।

বৰ্ণবৈষম্যৰ যুগত দক্ষিণ আফ্ৰিকাত ডাঙৰ-দীঘল হোৱা এজন ফটো সাংবাদিক আছিল কেভিন কাৰ্টাৰ । ১৯৮৩ চনত প্ৰিট’ৰিয়াত চাৰ্চ ষ্ট্ৰীটত হোৱা বোমা বিস্ফোৰণৰ সাক্ষী হোৱাৰ পিছতেই কাৰ্টাৰে ফটো সাংবাদিক হোৱাৰ সিদ্ধান্ত লয় আৰু বৰ্ণবৈষম্যৰ ভয়াৱহকতাৰ বুৰঞ্জী লিখিছিল, বৰ্ণবৈষম্যৰ হিংসাক কেমেৰাত বন্দী কৰিবলৈ আন ফটো সাংবাদিকৰ এটা দলৰ সৈতে যোগদান কৰিছিল । গোটটোক “বেং-বেং ক্লাব” বুলি অভিহিত কৰা হৈছিল। ১৯৯৩ চনত কেভিন কাৰ্টাৰক চুডানলৈ গৈ দেশখনত চলি থকা দুৰ্ভিক্ষৰ ফটো তুলিবলৈ বিশেষ দায়িত্ব দিয়া হয়। সেই ভ্ৰমণৰ সময়তে তেওঁ নিজৰ আটাইতকৈ বিখ্যাত ফটোখন বন্দী কৰিছিল। ফ্ৰীলান্স ফটোগ্ৰাফাৰ কাৰ্টাৰে সেই ছবিখনৰ বাবে পুলিৎজাৰ বঁটা লাভ কৰিছিল, যিখন ছবি দ্য নিউয়ৰ্ক টাইমছৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছিল। বিখ্যাত ফটোখন প্ৰকাশৰ এবছৰৰ পিছত ১৯৯৪ চনৰ এপ্ৰিল মাহত কেভিন কাৰ্টাৰে ফিচাৰ ফটোগ্ৰাফীৰ বাবে পুলিৎজাৰ বঁটা লাভ কৰে । ২৩ মে’ত কলম্বিয়া বিশ্ববিদ্যালয়ৰ ল’ মেম’ৰিয়েল লাইব্ৰেৰী ৰটাণ্ডাত তেওঁ এই বঁটা গ্ৰহণ কৰি পিতৃ-মাতৃলৈ লিখিছিল এইটোৱেই মোৰ কামৰ আটাইতকৈ মূল্যৱান বস্তু আৰু সৰ্বোচ্চ স্বীকৃতি যিটো মই লাভ কৰিব পাৰিলোঁ I

এই ছবিখনে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল, চুডানৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিছিল আৰু বিশ্বব্যাপী সাহায্যৰ প্ৰচেষ্টাৰ সূচনা কৰিছিল।

অৱশ্যে ই নৈতিক প্ৰশ্নও উত্থাপন কৰিলে যে এনে এটা মুহূৰ্তত ফটো তোলাটো সঠিক আছিল নেকি? শিশুটিক কিয় সহায় নকৰিলে? ব্যাপক বিতৰ্কৰ মাজতো ১৯৯৪ , ১২ এপ্ৰিল কেভিন কাৰ্টাৰক পুলিৎজাৰ বঁটা প্ৰদান কৰা হয় I চুডানৰ জনসাধাৰণৰ দুৰ্দশা বিশ্বৰ আগত প্ৰকাশ কৰাৰ বাবে তেওঁক বহুলভাৱে কৃতিত্ব দিয়া হৈছিল। কিন্তু তেওঁ আত্ম উপলব্ধি কৰিলে যে তেওঁ কিয় শিশুটোক বচোৱাৰ চেষ্টা নকৰিলে । আত্মদ্বন্দ্ব আৰু সমাজৰ তীব্ৰ সমালোচনাই তেওঁক একেবাৰে ভাঙি পেলাইছিল । অৱশেষত , হতাশাত ভুগি ১৯৯৪ চনত কেভিন কাৰ্টাৰে আত্মহত্যা কৰে । হতাশাত ভুগি ৯৯৪ , ২৭ জুলাইত কেভিন কাৰ্টাৰে আত্মহত্যা কৰে ।

তেওঁ এৰি থৈ গৈছিল হাজাৰ হাজাৰ ফটো যিয়ে আজিও বাস্তৱক উদঙাই দিয়ে। তেওঁৰ পেছাৰ নৈতিক প্ৰশ্নবোৰক লৈ এতিয়াও বিতৰ্ক চলি আছে। কিন্তু কাৰ্টাৰ আৰু তেওঁৰ দৰে আন লোকৰ অবিহনে পৃথিৱীয়ে বহুতো কঠোৰ সত্য নাজানিলেহেঁতেন। চুডানৰ এটা প্ৰবাদত কোৱাৰ দৰে যিসকলে বেয়া দেখা নাই তেওঁলোকে ভালৰ মূল্যায়ন কৰিব নোৱাৰে।

Leave a Reply