Braking

হত্যা নে আত্মহত্যা ? পৰকীয়া প্ৰেমৰ বাবে পত্নীক হত্যাৰ অভিযোগ…

জুৰীয়াত দগাঁও জহাজানত চাঞ্চল্যকৰ ঘটনা। পৰকীয়া প্ৰেমৰ বাবে পত্নীক হত্যাৰ অভিযোগ।
ভুক্তভোগীৰ অভিযোগ মতে জহাজানৰ আনছাৰুল লগত নগাঁৱৰ ইটাচালিৰ পিতৃ হিন যুৱতী ৰৌসনাৰাৰ সমাজিক ভাৱে বিয়া হৈছিল। বিয়াৰ আগৰ পৰাই স্বামী আনছাৰুলে স্থানীয় এক যুৱতীৰ লগত প্ৰেমৰ সম্পৰ্ক আছি।
আনছাৰুলৰ বিবাহিত পত্নী যেতিয়াই এই প্ৰেমৰ সম্পৰ্ক গম পাইছিল, তাৰ পৰাই আৰম্ভ হয় বিবাহিত পত্নী ওপৰত শাৰীৰিক অত্যাচাৰ।


ইফালে যোৱা ৰাতি আনছাৰুল পৰিয়ালে ৰৌসনাৰাৰ পৰিয়ালক অৱগত কৰাই যে ৰৌসনাৰাৰ ডিঙিত চিপ লৈ আত্মহত্যাৰ চেষ্টা চলাই। ৰৌসনাৰাৰ আত্মহত্যাৰ চেষ্টা চলোৱাত আনছাৰুল পৰিয়ালে গম পাই ৰৌসনাৰাক চিপ লোৱা অৱস্থাৰ পৰা উদ্ধাৰ কৰি দগাঁও অসামৰিক স্বাস্থ্য কেন্দ্ৰত লৈ আহে যদিও দগাঁও অসামৰিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসকে মৃত বুলি গোহনা কৰে।


এয়া এক পৰিকল্পিত হত্যা বুলি উল্লেখ কৰে মৃত ৰৌসনাৰাৰ আত্মীয়।
ইতিমধ্যেই এয়া এক হত্যাকাণ্ড বুলি উল্লেখ কৰি জুৰীয়া আৰক্ষী থানাৰ এজাহাৰ দাখিল কৰে ৰৌসনাৰাৰ মাতৃয়ে।
আৰক্ষীৰ তদন্তৰ পিছত ঘটনাৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিব এয়াই হত্যা নে আত্মহত্যা।

Leave a Reply