Braking

শাৰদীয় দুৰ্গোৎসৱক লৈ কঠোৰ নিয়ম জাৰি কৰিলে প্ৰশাসনে

দুর্গা পূজাক লৈ আহি গ’ল SOP ।

সমাগত শাৰদীয় দুৰ্গোৎসৱক লৈ জাৰি কৰা হল SOP । দুৰ্গোৎসৱক লৈ কঠোৰ নিয়ম জাৰি কৰিলে প্ৰশাসনে । পূজা মণ্ডপ নিৰ্মাণৰ বাবে আৰক্ষী-প্ৰশাসনৰ পৰা ল’ব লাগিব অনুমতি I পর্যাপ্ত ভলিন্টিয়াৰ নিয়োগ কৰিব লাগিব পূজা কমিটিয়ে I অতিৰিক্তিভাবে লাইটৰ ব্যৱস্থা ৰাখিব লাগিব পূজা কমিটিয়ে I অগ্নি নির্বাপনৰ ব্যৱস্থাৰ লগতে প্রয়োজনীয় ৰখাটো বাধ্যতামূলক I লাউডস্পীকাৰ ব্যৱহাৰ আৰু শব্দ প্ৰদূষণৰ নিয়ম মানি চলিব লাগিব I পুৱা ৬বজাৰ পৰা নিশা ১০বজালৈহে লাউডস্পীকাৰৰ অনুমতি I চাৰিওফালে চিচিটিভি কেমেৰা সঠিকভাবে স্থাপন কৰাটো নিশ্চিত কৰা I স্বেচ্ছাসেৱকৰ তালিকা দাখিল কৰিব লাগিব I ওচৰৰ আৰক্ষী থানাত সকলো বিষয়ববীয়া, স্বেচ্ছাসেৱকৰ তালিকা দিব লাগিব I

পুৰুষ আৰু মহিলাৰ বাবে পৃথক প্ৰৱেশ/প্রস্থান বেৰিকেড স্থাপন কৰিব লাগিবI পর্যাপ্ত আলোকসজ্জা নিশ্চিত কৰিব লাগিব I জেনেৰটৰৰ ব্যৱস্থা ৰাখিব লাগিব পূজা কমিটিসমূহে I পেণ্ডেল পহৰা দিয়াৰ বাবে আৰক্ষীক সকলো সুবিধা প্রদান I জৰুৰীকালীন যোগাযোগ নম্বৰ আৰু স্থানসমূহ নিশ্চিত কৰিব লাগিব I যান-বাহনৰ নীতি-নিয়ম মানি চলিব লাগিব I ভিআইপি ব্যক্তি আহিলে আৰক্ষীক আগতীয়াকৈ অৱগত কৰিব লাগিব I ৰাইজক সহায় কৰিবলৈ পেণ্ডেলত প্ৰতি মুহূৰ্তৰ বাবে হেল্প ডেস্ক স্থাপন কৰিব লাগিব I চিকিৎসককে ধৰি চিকিৎসা দল সাজু কৰি ৰাখিব লাগিব I জৰুৰীকালীন অৱস্থাৰ বাবে এটা অঞ্চল নির্দিষ্ট কৰি ৰাখিব লাগিব I

মূর্তি বিসৰ্জনৰ বাবে নিৰ্ধাৰণ কৰা নিৰ্দিষ্ট পথ আৰু সময় কঠোৰভাৱে মানি চলিব লাগিব I নিয়ম ভংগ কৰিলেই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব I পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিব লাগিব I দর্শনার্থী আৰু ভক্তৰ বাবে খোৱাপানীৰ পৰ্যাপ্ত ব্যৱস্থা কৰিব লাগিব I কোনো ৰাজহুৱা পথত পূজা পেণ্ডেল স্থাপন কৰিব নোৱাৰিব I পেণ্ডেলৰ পৰা ১০০ মিটাৰৰ ভিতৰত পার্কিং কৰিব নোৱাৰিব I পূজা পেণ্ডেলৰ ভিতৰত চিলিণ্ডাৰ, পেট্রল, ডিজেল, কেৰাচিন আদি ব্যৱহাৰ কৰিব নোৱাৰিব I মূৰ্তি বিসৰ্জনৰ সময়ত কেৱল ভক্তিমূলক গীতহে বজাব লাগিব I বলপূর্বকভাৱে অনুদান বা বৰঙণি সংগ্ৰহ কৰাৰ পৰা বিৰত থাকিব লাগিব

Leave a Reply