Braking

গুৱাহাটীৰ ভাড়াঘৰত মাজুলীৰ যুৱতীৰ চৰমপন্থা !

গুৱাহাটীৰ ভাড়াঘৰত মাজুলীৰ যুৱতীৰ চৰমপন্থা ! প্ৰকৃততে কি হৈছিল ?

কিয় ভাড়াঘৰত নিজৰ জীৱন শেষ কৰি দিলে মাজুলীৰ জীয়ৰী, জালুকবাৰীৰ বোৱাৰী বুলবুলিয়ে ? মহানগৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা । গুৱাহাটীত আত্মহনন কৰিলে মাজুলীৰ যুৱতী বুলবুলি শইকীয়াই । এটা চিকিউৰিটি এজেঞ্চীত কৰ্মৰত আছিল বুলবুলি শইকীয়া । বুলবুলি শইকীয়াৰ ঘৰ মাজুলীত আৰু শিৱা কলিতাৰ ঘৰ জালুকবাৰীত বুলি জানিব পৰা গৈছে ।

যোৱা নবেম্বৰত শিৱা কলিতা নামৰ এজন যুৱকৰ সৈতে আইনী বিবাহ সম্পন্ন হৈছিল । অতি কমসময়তে দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল , কিন্তু শিৱাই হে বিবাহৰ বাবে তাইক হেঁচা প্ৰয়োগ কৰিছিল । আইনৰ ভাষাত দুয়ো বিবাহিত যদিও পৃথকে পৃথকে আছিল দুয়ো । মানসিক ভাৱে ভাগি পৰিছিল বুলবুলি শইকীয়া । অধিবক্তাৰ সৈতে নিজৰ সমস্যাৰ বিষয়ে আলোচনা কৰাৰ যো-জা কৰিছিল বুলবুলি শইকীয়াই ।

বুলবুলি শইকীয়াৰ পিতৃ-ভগ্নীয়ে এইবাৰ উত্থাপন কৰিছে বিস্ফোৰক অভিযোগ । নৱবিবাহিত বুলবুলিৰ স্বামীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰি পল্টনবজাৰ থানাত এজাহাৰ দাখিল কৰিছে বুলবুলিৰ পৰিয়ালে । যৌতুকৰ দাবীত শাৰীৰিক-মানসিক নিৰ্যাতনৰ অভিযোগ কৰে বুলবুলিৰ পৰিয়ালে । বিয়াৰ এমাহৰ পিছতে বুলবুলিক ঘৰৰ পৰা উলিয়াই দিছিল স্বামী তথা পৰিয়ালে । সেইবাবে গুৱাহাটীৰ এটা ভাৰাঘৰত আছিল বুলবুলি ।

বুলবুলিৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিতেই গ্ৰেপ্তাৰ শিৱা কলিতা । ইতিমধ্যে পল্টনবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলবুলিৰ শইকীয়াৰ স্বামী শিৱা কলিতাক । বৰ্তমান অব্যাহত আছে আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া ।

Leave a Reply