উৎকট গৰমৰ বাবে পুনৰ সলনি শিক্ষানুষ্ঠানৰ পাঠদানৰ সময় । শিক্ষানুষ্ঠানৰ সময়সূচী সম্পৰ্কে আহিছে নতুন জাননী I
গ্ৰীষ্ম বন্ধ শেষ হোৱাৰ সময় আহি পৰিছে ।
পুনৰ ৰাজ্যত খোলা হব সকলো শিক্ষানুষ্ঠান । গ্রীষ্ম প্ৰৱাহৰ বাবে কামৰূপ (মেট্ৰ’)ৰ পাঠদানৰ সময়সূচী সলনিৰ নতুন নির্দেশনা জাৰি কামৰূপ মেট্ৰ’ৰ IS-DEEO দিপীকা চৌধুৰীৰ । মহানগৰীৰ বিদ্যালয়সমূহত পুৱা ৭.৩০ বজাৰ পৰাই আৰম্ভ হ’ব পাঠদান ।
শ্ৰেণী অনুযায়ী সলনি হব পাঠদানৰ সময় ।
নিম্ন প্রাথমিক বিদ্যালয়ৰ ছুটীৰ সময় পুৱা ১১:৩০ বজাত । উচ্চ প্রাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীৰ ছুটী হ’ব ১২ বজাত । মাধ্যমিক পৰ্যায়ৰ শিক্ষানুষ্ঠানত পাঠদান চলিব দুপৰীয়া ১ বজালৈ । ১ আগষ্টৰ পৰা গুৱাহাটীৰ শিক্ষানুষ্ঠানত প্রযোজ্য হ’ব এই নির্দেশনা । গুৱাহাটী শিক্ষানুষ্ঠানৰ বাবে প্ৰযোজ্য হ’ব এই নিয়ম । চৰকাৰী-ব্যক্তিগত সকলো খণ্ডৰ শিক্ষানুষ্ঠানে মানিব লাগিব নতুন সময়সূচী ।