সকলোৰে এটাই দাবী জুবিন গাৰ্গৰ ন্যায় লাগে ।
জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত উকীল সমাজ কঠোৰ হোৱা দেখিবলৈ পোৱা গৈছে ।
সমগ্ৰ ৰাজ্যখনৰ ৰাইজে প্ৰতিদিনে বিচাৰি আছে আৰু দাবী কৰি আছে জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত হওঁক আৰু জুবিন গাৰ্গে ন্যায় পাওক । তাৰ মাজতে সদৌ অসম উকীল সন্থা অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে । জুবিন গাৰ্গৰ মৃত্যুৰ অভিযুক্তসকলৰ গোচৰ নলয় অধিবক্তাসকলে । লগতে অসমৰ সকলো অধিবক্তাকে অভিযুক্তসকলৰ হৈ ওকালতি নকৰিবলৈ আহ্বান । জুবিন গাৰ্গৰ মৃত্যুৰে জঢ়িত অভিযুক্ত শ্যামকানু মহন্ত,সিদ্বাৰ্থ শৰ্মাৰ লগতে আন কোনো অভিযুক্তৰ গোচৰ নলয় অসমৰ কোনো অধিবক্তাই । এইদৰে জুবিন গাৰ্গলৈ শ্ৰদ্ধা জনাই সদৌ অসম উকীল সন্থাই ললে ডাঙৰ সিদ্ধান্ত ।
সমান্তৰালভাৱে দেখিবলৈ পোৱা গল জুবিন গাৰ্গৰ ন্যায় বিচাৰি CID কাৰ্যালয়ত উপস্থিত শিল্পী সমাজ ।
CID ৰ কাৰ্যালয়ত উপস্থিত হৈ এজাহাৰ দাখিল শিল্পী সমাজৰ । চিকিৎসক ডাঃ হিতেশ বৰুৱা, শশাংক সমীৰ ,ৰবি শৰ্মা, যতীন বৰা, ত্ৰিদীপ লাহন, জয়ন্ত কাকতি তথা কেইবাজনো জ্যেষ্ঠ-কণিষ্ঠ কলা কুশলী উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে CID ৰ কাৰ্যালয়ত । লগতে ,অসমৰ সকলো মানুহৰ এটাই দাবী জুবিন গাৰ্গে ন্যায় পাব লাগিব , জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত হ’ব লাগিব । আমিও আশাবাদী জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত হ’ব আৰু সকলোৰে মৰমৰ জুবিন গাৰ্গে ন্যায় লাভ কৰিব।