এইবাৰ সেমেকা শৰৎ ।
এইবেলি দুৰ্গা পূজাত নাই পূৰ্বৰ দৰে উচাহ । জুবিন গাৰ্গৰ মৃত্যত ম্লান পৰিছে সমগ্ৰ ৰাজ্য ।জুবিন গাৰ্গ বিহীন প্ৰথমটো দুৰ্গোৎসৱ । এইবাৰ পূজা মণ্ডপত নাই জাক জমকতা । চৌদিশে সেমেকা পৰিবেশৰ মাজত বৈদিক মন্ত্ৰোচ্চাৰণেৰে আয়ম্বৰপূৰ্ণ পূজা অৰ্চনা ।
ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পূজা মণ্ডপত দেখা গল জুবিন গাৰ্গৰ আলোকচিত্ৰৰে সজাই তোলা মণ্ডপ । এইবাৰ মণ্ডপে মণ্ডপে পালন কৰা দুর্গা পূজাত ধর্মীয় ৰীতি-নীতিৰ আনুষ্ঠানিকতা পূৰণ হ’লেও যিমান পাৰি আড়ম্বৰ আৰু আনন্দ-উৎসবৰ আয়োজনৰ পৰা বিৰত আছে আয়েজকসকল।
পূজাস্থলীত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাবলৈ আছে একোখনকৈ ফটো । জুবিন গাৰ্গৰ মৃত্যুত মৰ্মাহত অসমৰ ভিন্ন প্ৰান্তত ইতিমধ্যেই বাতিল কৰা হৈছে সাংস্কৃতিক অনুষ্ঠান । কোনো কোনো ঠাইত জুবিন গাৰ্গক স্মৰণ কৰি চলিছে জুবিনৰ গীত-মাত ৰ চৰ্চা ।
চৌদিশে বাজিছে জুবিনৰ গান, দৃশ্যমান হৈছে জুবিনৰ ছবি । আনহাতে ঠায়ে ঠায়ে দেখা গল বৃক্ষৰোপন কাৰ্য্যসূচী । জুবিন গাৰ্গৰ আদৰ্শক অনুসৰণ কৰি দেখা গল এনে কাৰ্য্যসূচী । জুবিনদাৰ আত্মাৰ চিৰশান্তিৰ বাবে পূজা স্থলীতো প্ৰাৰ্থনা ।
এনেকৈয়ে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰিয় শিল্পীলৈ শ্ৰদ্ধাঞ্জলি জনাই দুৰ্গা পূজাৰ পৰম্পৰা ৰক্ষা কৰা পৰিলক্ষিত হৈছে । ৰঙীন মণ্ডপেও মানুহৰ মনলৈ আনিব পৰা নাই ৰং-উছাহ । জুবিন গাৰ্গে অবিহনে আধৰুৱা সমগ্ৰ জাতি ।