“জয় গুৰু শংকৰ সৰ্ব্ব গুণাকৰ
যাকেৰি নাহিকে উপাম I
তোহাৰি চৰণে ৰেণু শত কৌটি
বাৰেক কৰোহোঁ প্ৰণাম ||”
আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৭ সংখ্যক তিৰোভাৱ তিথি ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে গুৰুজনাৰ গুণানুকীৰ্ত্তন। কোচবিহাৰৰ মধুপুৰ সত্ৰতো শংকৰদেৱৰ তিৰোভাৱ তিথিৰ আয়োজন । উখল-মাখল বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত নৰোৱা কুজি সত্ৰ । হৰি নামৰ অমল ধ্বনিৰে মুখৰিত হৈ পৰিছে সত্ৰৰ চৌপাশ । পুৱাৰে পৰা ভকত বৈষ্ণৱ , আই মাতৃৰ নাম কীৰ্তন ।
অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা, জগতগুৰু, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ তিৰোভাৱ তিথিত তেৰালৈ শতকোটি প্ৰণাম যাচিলো ।