অসমৰ ভূমিকা অবিহনে স্বাধীনতাৰ ইতিহাস হৈ পৰিব অসম্পূৰ্ণ !
ভাৰতৰ স্বাধীনতাৰ ইতিহাসত অসমৰ ভূমিকা অতিকৈ গুৰুত্বপূৰ্ণ । ১৯ শতিকাৰ প্ৰথমাৰ্ধত প্ৰথমবাৰৰ বাবে উত্থান ঘটিছিল অসমত ব্ৰিটিছ বিৰোধী চিন্তাৰ । অসমখন প্রত্যক্ষ ব্ৰিটিছৰ আধিপত্যৰ অধীনলৈ আহিছিল ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ পিছতে। আৰু ব্ৰিটিছৰ শাসনত অতিষ্ঠ হৈ বহু স্বাধীনতাপ্রেমী লোকে অনুভৱ কৰিছিল যে এই অতিষ্ঠ ৰাজত্বৰ পৰা কেনেকৈ মুক্ত হ’ব পাৰি ।
সংগঠিত জাতীয় আন্দোলনসমূহ গঢ় লৈ উঠাৰ পূৰ্বেই অসমত দেখা গৈছিল ব্ৰিটিছৰ বিৰূদ্ধে ক্ষোভৰ উদগীৰণ । প্ৰথম স্বাধীনতা যুদ্ধখ্যাত ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ বীজ অতি শক্তিশালী ৰূপত ৰোপন হৈছিল অসমত । সেই সময়চোৱাতে মণিৰাম দেৱান, পিয়লি ফুকনৰ দৰে নেতাসকলে মুকলি বিৰোধ কৰিছিল ব্ৰিটিছৰ দমনমূলক নীতিৰ । ইংৰাজৰ বিৰূদ্ধে জনসাধাৰণক একত্ৰিত কৰিবলৈ গৈছিল মণিৰাম দেৱানে । এইগৰাকী মণিৰাম দেৱানকেই পিছলৈ দিয়া হৈছিল ফাঁচী ।
তেওঁলোকৰ দেশৰ বাবে কৰা এই ত্যাগবোৰ দেখি অসমীয়া মানুহৰ মনত অধিক শক্তিশালী হৈছিল দেশপ্ৰেমৰ জোৱাৰ ।
আৰু তাৰ পিছতে ঊনবিংশ শতিকাৰ আৰম্ভণিতে ২০ শতিকাৰ আৰম্ভণিতে অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে জাগ্ৰতভাৱে ৰোপণ কৰা হৈছিল শক্তিশালী বীজ। ব্ৰিটিছৰ শোষণমূলক নীতিৰ বিৰূদ্ধে নেতৃত্ব দিয়াৰ লক্ষ্যেৰে ওলাই আহিছিল গোপীনাথ বৰদলৈ, তৰুণ ৰাম ফুকন আৰু অম্বিকাগিৰি ৰয়ৰ দৰে নেতাসকল ।আৰু তেওঁলোকৰ এই শক্তিশালী প্ৰচেষ্টাই ৰূপ দিছিল এক বৃহত্তৰ আন্দোলনৰ ।সংগঠিত জাতীয় আন্দোলনসমূহ গঢ় লৈ উঠাৰ পূৰ্বেই অসমত দেখা গৈছিল ব্ৰিটিছৰ বিৰূদ্ধে ক্ষোভৰ উদগীৰণ ।দেখা গৈছিল অসমত স্বাধীনতা সংগ্ৰামীসকলৰ উত্থান ।
ব্ৰিটিছৰ বিৰূদ্ধে আৰম্ভ হৈছিল আইন অমান্য আন্দোলনৰ । ব্ৰিটিছ শাসনৰ ভেটি কঁপাই তুলি অসমত কেইবাটাও আইন অমান্য আৰু প্ৰতিবাদী আন্দোলনে দেখা দিছিল ।
১৯২১ চনত স্বাধীনতা সংগ্ৰামী বিষ্ণুপ্ৰিয়া দাসৰ নেতৃত্বত অসম বেংগল ৰেলৱে বৰ্জনে অহিংসভাৱে কৰা আন্দোলনটোৱে যথেষ্ট প্ৰভাৱিত কৰিছিল ইংৰাজ শাসনত। ব্ৰিটিছ অৰ্থনৈতিক স্বাৰ্থত ব্যাঘাত জন্মাইছিল এই আন্দোলনে । দেখুৱাইছিল অসমীয়াৰ একতাৰ শক্তি কিমান ।
এই আন্দোলনত বিশেষকৈ, মহিলাসকলে বিদেশী বস্তুৰ দোকানত পিকেটিং কৰা আৰু বিদেশী বস্তু বৰ্জন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। আইন অমান্য আন্দোলনৰ সময়ত অসমত বিদেশী সামগ্ৰী বৰ্জন কৰা হৈছিল আৰু স্থানীয় সামগ্ৰী ব্যৱহাৰ বাবে উৎসাহিত কৰা হৈছিল। যাৰ বাবে ব্ৰিটিছ সামগ্ৰীৰ ব্যৱসায়ত প্ৰভাৱ পৰিছিল।
অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়েও জনসাধাৰণক সংগঠিত কৰি এই আন্দোলনত এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল ।নেতৃত্ব লৈছিল
গোপীনাথ বৰদলৈ, তৰুণৰাম ফুকন, আৰু অম্বিকাগিৰি ৰায়চৌধুৰীৰ দৰে নেতাসকলে ।
ইয়াৰ পিছতে
১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনই ভাৰতৰ স্বাধীনতাসংগ্ৰামৰ আছিল এক টাৰ্ণিং পইণ্ট । এই আন্দোলনত অসমে লৈছিল গুৰুত্বপূৰ্ণ ভূমিকা, গোপীনাথ বৰদলৈ আৰু তৰুণ ৰাম ফুকনৰ দৰে নেতাই নেতৃত্ব দিছিল প্ৰতিবাদ ,ধৰ্মঘটৰ। মুকুন্দ কাকতিসহ বহুকেইজনে পুলিচৰ গুলি খাই মৃত্যুক সাৱটি লয় । সৰুপথাৰৰ ৰে’ল বগৰোৱা কাণ্ডত বিনা দোষত ব্ৰিটিছে কুশল কোঁৱৰৰ দৰে গান্ধীবাদী বীৰক ফাঁচীকাঠত ওলোমায় ।মহাত্মা গান্ধীয়ে অহিংস গণ প্ৰতিবাদৰ আহ্বান জনোৱাৰ বাবে অনুপ্ৰাণিত হৈ অসমৰ ৰাইজে ধৰ্মঘট, প্ৰদৰ্শন আৰু আইন অমান্যৰ কাৰ্যকলাপ আয়োজন কৰিছিল যিয়ে ব্ৰিটিছ প্ৰশাসনৰ যন্ত্ৰপাতি স্থবিৰ কৰি তুলিছিল।
স্বাধীনতাৰ বাবে এই আন্দোলনত অসমৰ বহুকেইগৰাকী মহিলাই দেশৰ প্ৰাণ আহুতি দিছিল। কনকলতা বৰুৱা, ভোগেশ্বৰী ফুকননী, কুমলী দেৱী, খহুলী দেৱী, তিলেশ্বৰী বৰুৱা আদিৰ নাম উল্লেখযোগ্য। ১৯৪২ চনৰ ২০ ছেপ্টেম্বৰতে গহপুৰ থানাত ভাৰতৰ জাতীয় পতাকা উৰুৱাবলৈ গৈ ষোড়শী গাভৰু কনকলতাই পুলিচৰ গুলী বুকুত পাতি মৃত্যুক সাৱটি লয়।।
একেদিনাই ঢেকীয়াজুলিত ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা উৰুৱাবলৈ গৈ আঘাত পোৱা পুত্ৰক বচাবলৈ গৈ কুমলী দেৱীয়ে ব্ৰিটিছ পুলিচৰ গুলী খাই মৃত্যুক সাৱটি লয়। খহুলী দেৱীয়ে অন্তঃসত্বা অৱস্থাতে পুলিচৰ গুলী খাই মৃত্যুক সাৱটি লয়। ইফালে মাত্ৰ ১২ বছৰ বয়সৰ তিলেশ্বৰী বৰুৱাও হয় শ্বহীদ । বৰহমপুৰত ভোগেশ্বৰী ফুকননীয়ে পুলিচৰ গুলীত আঘাতপ্ৰাপ্ত হৈ মৃত্যুক সাৱটি লয়।
লাহে লাহে ১৯৪২ চনতেই ৰাসবিহাৰী বসুৰ নেতৃত্বত গঠন হয় আজাদ হিন্দ ফৌজৰ ।
মুঠৰ ওপৰত সমগ্ৰ ভাৰতৰ লগতে অসমৰ বহু বীৰ শ্বহীদ আছে যে কৈ শেষ কৰিব পৰা নাযায় ।
অৱশেষত বহুতো ব্যক্তিৰ ত্যাগ,কষ্ট আত্মবলিদান তথা দেশমাতৃৰ প্ৰতি প্ৰেমৰ প্ৰতিফলন ৰূপে ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে আমাৰ ভাৰতবৰ্ষই ব্ৰিটিছৰ শাশনৰ পৰা মুক্ত হৈ লাভ কৰে স্বাধীনতা । স্বাধীনতাৰ বাবে ভাৰতৰ লগতে অসমেও হেৰুৱাব লগা হৈছিল হয় বহু বীৰক । তেওঁলোকৰ ত্যাগ কষ্ট আত্মবলিদানৰ বাবেই আজিৰ ভাৰতে পালিব পাৰিছে স্বাধীনতা । গাব পাৰিছে স্বাধীনতাৰ গান । তেওঁলোকৰ এই ত্যাগক আমি শ্ৰদ্ধাৰে সুঁৱৰিছো..॥