আজি পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ । আজি বছৰৰ শেষৰটো পূৰ্ণাংগ চন্দ্ৰগ্ৰহণ ।
আজি বছৰৰ অন্তিমটো পূর্ণগ্রাস চন্দ্র গ্রহণ ।
৯ বাজি ৫৮ মিনিটৰ পৰা আৰম্ভ হ’ব চন্দ্ৰগ্ৰহণ । সম্পূৰ্ণ চন্দ্ৰগ্ৰহণৰ সময় ১ ঘণ্টা ২২ মিনিট । চন্দ্ৰটো পূৰ্ণগ্ৰাসৰ কৱলত পৰিব ১১ বাজি ৪২ মিনিটত । প্রায় ৩ ঘণ্টা ২৮ মিনিটৰ বাবে ঘটিব পৰিঘটনা । গ্ৰহণৰ সময়ত ৰঙচুৱা হৈ পৰিব চন্দ্ৰটো ।
আজি নিশা আকাশত দেখা যাব এক বিৰল দৃশ্য ৷
পৃথিৱীৰ সম্পূৰ্ণ ছাঁ চন্দ্ৰৰ ওপৰত পৰিব ।
পৃথিৱীৰ ছাঁ পৰিলেও অদৃশ্য নহৈ অতিশয় ৰঙা হৈ পৰিব চন্দ্ৰটো ৷ সেয়ে ইয়াক নাম দিয়া হৈছে Blood Moon । উল্লেখ্য যে ভাৰতৰ আকাশত প্ৰথমৰ পৰা শেষলৈ দেখা যাব চন্দ্ৰগ্ৰহণ ৷ এছিয়া, ইউৰোপ, আফ্ৰিকা, দক্ষিণ আমেৰিকাৰ দেশবোৰে প্ৰত্যক্ষ কৰিব পাৰিব এই বিৰল মহাজাগতিক ঘটনা৷