Braking

জম্মু কাশ্মীৰত চলি থকা আখল অভিযানত নিহত ২ ভাৰতীয় সেনা জোৱান

স্বাধীনতাৰ প্ৰাক মূহুৰ্তত সীমান্তৰ পৰা আহিছে এটা দুঃখবৰ ।

জম্মু কাশ্মীৰত চলি থকা আখল অভিযানত নিহত ২ ভাৰতীয় সেনা জোৱান ।

পৱিত্ৰ ৰাখি বন্ধনৰ দিনাই দেশক নিৰাপত্তা প্ৰদান কৰা দুই ভাৰতীয় জোৱানে সন্ত্ৰাসবাদীৰ গুলীত মৃত্যুক সাৱটিলে ।

আহত ১০ জন ভাৰতীয় জোৱান

কালি নিশাৰে পৰা জম্মু-কাশ্মীৰৰ নিৰাপত্তাৰক্ষী আৰু নিষিদ্ধ সংগঠনৰ সদস্যৰ মাজত হোৱা সংঘৰ্ষত মৃত্যু হয় দুই জোৱানৰ । লগতে আহত ১০ জন ভাৰতীয় জোৱান । এই অভিযানত নিহত দুই জোৱান প্ৰিতপাল সিং আৰু চিপাহী হৰ্মিন্দৰ সিং ।

জানিব পৰা মতে ঘন অৰণ্যত আত্মগোপন সন্ত্ৰাসবাদীৰ । আৰক্ষী বিষয়াই দিয়া তথ্য অনুসৰি এই অপাৰেচন মৃত্যু হয় তিনি সন্ত্ৰাসবাদীৰ । উদ্ধাৰ কৰা হৈছে এজন সন্ত্ৰাসবাদীৰ মৃতদেহ ।

Leave a Reply