Braking

জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে ?

জুবিন গাৰ্গ সন্দৰ্ভত ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰীৰ ।

মুখ্যমন্ত্ৰীয়ে কয় যে গীত মাত আৰু সংস্কৃতিৰ মাজেৰে জীয়াই ৰাখিব লাগিব । জুবিনৰ ঘটনাৰ ন্যায় লাগে । শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক জনতাৰ ধৈৰ্য্য , ক্ষোভৰ সৈতে খেলা নকৰিবলৈ ফেচবুক লাইভ যোগে সকীয়নি মুখ্যমন্ত্ৰীৰ । ৬ অক্টোবৰ তাৰিখে তদন্তৰ CID ৰ কাৰ্যালয়ত বাবে হাজিৰ হবলৈ আহ্বান । Facebook live কৰি বা পত্ৰ লিখি আইনৰ পৰা হাৰিব নোৱাৰে । ইতিমধ্যে শ্যামকানু মহন্তৰ সকলো বেংক একাউণ্ট, PAN CARD, ক্ৰেডিট কাৰ্ড ফ্ৰীজ কৰিছে চৰকাৰে যাতে বেছিদিন পলাই থাকিব নোৱাৰে । মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ সকলো সময়তে আছোঁ । জুবিনৰ ন্যায়ৰ ক্ষেত্ৰতো মই আছোঁ । লগতে প্ৰতিশ্ৰুতি দিয়ে যে জুবিনৰ মৃত্যুৰ লগত জঢ়িত প্ৰতিজন ব্যক্তিকে আইনৰ সন্মুখলৈ অনাৰ দায়িত্ব মুখ্যমন্ত্ৰীৰ । আইনৰ হাত বহুত দীঘল , কোনো হাৰি যাব নোৱাৰে ।
জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট ছিংগাপুৰৰ পৰা অনাৰ ব্যৱস্থা কৰা হৈছে । ইতিমধ্যে GMCH ত কৰা মৰণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট সাজু হৈছে । জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ বিৰুদ্ধে লুক আউট নটিছ জাৰি কৰা হৈছে । এইখন চৰকাৰে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ ওচৰত শিৰনত নকৰে । আইনৰ পৰা আঁতৰি থাকিলে নাভাবিব যে চৰকাৰ মনে মনে থাকিব । যদি এই তদন্তত আৰক্ষী বিফল হয় তেন্তে গোচৰটো CBI লৈ হস্তান্তৰ কৰা হব । আনহাতে জুবিন গাৰ্গৰ মৃত্যুৰ নিৰপেক্ষ তদন্ত বিচাৰি দিল্লীৰ মুখ্য ন্যায়ধিশলৈ পত্ৰ প্ৰেৰণ মুখ্যমন্ত্ৰীৰ ।অসমক নেপাল সদৃশ নকৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ । এইখন জুবিনৰ অসম । এইখন অসমক নেপাল কৰিব নোৱাৰোঁ । নেপালৰ উদাহৰণৰে অসম নচলে । অসমৰ এটাও সম্পত্তিক যদি হানি কৰোঁ জুবিনে আটাইতকৈ কষ্ট পাব । জুবিনৰ নামত চৰকাৰ বিৰোধী ৰাজনীতি হব নোৱাৰে । জুবিনৰ নামত অসমখন নেপাল কৰাৰ প্ৰচেষ্টা নকৰিবলৈ আহ্বান । “মোৰ জননী জন্মভূমি , মোৰ অসম । এইখন অসমক কেতিয়াও নেপাল কৰাৰ চেষ্টা নকৰিব” ।

হিংসাই কাকো ন্যায় দিব নোৱাৰে । আইনে ন্যায় দিব । ৰাইজক আইন হাতত তুলি নলবলৈ আহ্বান ।

Leave a Reply