পৃথিৱীৰাজ মন্দিৰ অভিমুখী বলেৰ’ বাহন দুৰ্ঘটনাগ্ৰস্ত ।
থিতাতে মৃত্যু ১১ ভক্তৰ , ৪ ভক্তক উদ্ধাৰ । মৃতকসকলৰ ভিতৰত আছিল ৬ গৰাকী মহিলা , দুজন পুৰুষ , আৰু তিনিজন শিশু । নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰি পৰে বলেৰ’ বাহনখন ।
স্থানীয় লোকে প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক । উদ্ধাৰ কৰি ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত । ইটিয়াথক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত SHO কৃষ্ণ গোপাল ৰায়ে জানিব দিয়ে যে চিহাগাওঁৰ পৰা পৃথিৱীনাথ মন্দিৰলৈ গৈ আছিল ভক্ত কেইজন I আঘাতপ্ৰাপ্তক ততাতৈয়াকৈ নিকটৱৰ্তী হাস্পতালত ভৰ্তি কৰোৱা হয় । মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ মৃতদেহ । অব্যাহত আছে আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া ।