২৫ টা OTT প্লেটফৰ্মৰ নিষিধাজ্ঞা আৰোপ ভাৰত চৰকাৰৰ I
OTT প্লেটফৰ্মৰ নিষিধাজ্ঞা আৰোপ ভাৰত চৰকাৰৰ I
নিষিদ্ধ UllU , ALTT , Big Shots app কে ধৰি ২৫ টা OTT প্লেটফৰ্ম I অশ্লীলতা বিয়পোৱাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কেন্দ্ৰৰ I অশ্লীল কন্টেন্টক লৈ কঠোৰ ভাৰত চৰকাৰ । খবৰ অনুসৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে মুঠ ২৫ টা লিংক চিনাক্ত কৰিছে য’ত অশ্লীল বিষয়বস্তুকে ধৰি আপত্তিজনক বিজ্ঞাপন প্ৰদৰ্শিত হৈছিল ।
শেহতীয়াকৈ ভাৰত চৰকাৰে নিষিদ্ধ কৰে ২৫টা অ’টিটি প্লেটফৰ্ম
শুকুৰবাৰে চৰকাৰী সূত্ৰই নিশ্চিত কৰিছে যে কেন্দ্ৰীয় চৰকাৰে অশ্লীল বিষয়বস্তু সৃষ্টি তথা সম্প্ৰচাৰ কৰাৰ অভিযোগত ALTBalaji, Big Shots আৰু Ullu কে ধৰি মুঠ ২৫ টা OTT প্লেটফৰ্মৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে । বিষয়টোৰ সৈতে পৰিচিত বিষয়াসকলৰ মতে, কৰ্তৃপক্ষই এই প্লেটফৰ্মসমূহে ডিজিটেল কন্টেন্ট নিয়ন্ত্ৰণ কৰা ভাৰতীয় আইনসমূহৰ গুৰুতৰ উলংঘা কৰা বুলি ধৰা পৰাৰ পিছতে এই ব্যৱস্থা গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে ।
শেহতীয়াকৈ নিষিদ্ধ কৰা ২৫টা অ’টিটি প্লেটফৰ্ম হৈছে
নিষিদ্ধ প্লেটফৰ্মসমূহত “যৌন ইংগিত”ৰে ভৰপূৰ ভিডিঅ’ আৰু ৱেব ছিৰিজ উপলব্ধ আছে । শেহতীয়াকৈ নিষিদ্ধ কৰা ২৫টা অ’টিটি প্লেটফৰ্ম হৈছে ALTT, ULLU, Big Shots App, Desiflix, Boomex, Navarasa Lite, Gulab App, Kangan App, Bull App, Jalva App, Wow Entertainment, Look Entertainment, Hitprime, Feneo, ShowX, Sol Talkies, Adda TV, HotX VIP, Hulchul App, MoodX, NeonX VIP, Fugi, Mojflix, and Triflicks.
এক জাননী জাৰি কৰি চৰকাৰে ইণ্টাৰনেট সেৱা প্ৰদানকাৰী (ISP) ক ভাৰতৰ এপ আৰু ৱেবছাইটসমূহৰ ৰাজহুৱা প্ৰৱেশ নিষ্ক্ৰিয় কৰিবলৈ নিৰ্দেশ দিয়ে বুলি এক প্ৰতিবেদনত প্ৰকাশ পাইছে ।