Braking

গুৱাহাটী বাইপাছত নির্মাণ হ’ব ৫ খনকৈ পদপথ সেঁতু

গুৱাহাটী বাইপাছত নির্মাণ হ’ব ৫ খনকৈ পদপথ সেঁতু ।

পদচাৰীৰ নিৰাপদ যাত্ৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । সামাজিক মাধ্যম যোগে ঘোষণা কৰে এই সিদ্ধান্তৰ ।

২৭নং ৰাষ্ট্ৰীয় ঘাইপথত নির্মাণ হ’ব ৫ খন সেঁতু । জালুকবাৰী , তেতেলীয়া, গড়চুক, ৰ’য়েল গ্ল’বেল ইউনিভাৰ্ছিটী পইন্ট, লালমাটিৰ গেম ভিলেজৰ সমীপত নিৰ্মাণ কৰা হব সেতু কেইখন ।

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে গুৱাহাটী বাইপাছৰ ৫ স্থানত পদপথ উৰণ সেঁতু নিৰ্মাণ কৰি আছে ।

পথচাৰীসকলৰ চলাচলৰ সুবিধাৰ বাবে আমি এক পৰিকল্পনা হাতত লোৱাৰ লগতে পৰৱৰ্তী বৰ্ষত এইসমূহ ৰাইজৰ বাবে উৎসৰ্গা কৰাৰ ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

Leave a Reply