Braking

‘অসম গ্ৰন্থমেলা’ৰ ২০২৫-২৬ৰ সূচী ঘোষণা অসম প্রকাশন পৰিষদৰ

‘অসম গ্ৰন্থমেলা’ৰ ২০২৫-২৬ৰ সূচী ঘোষণা অসম প্রকাশন পৰিষদৰ ।

গুৱাহাটীসহ ৰাজ্যৰ ৭টাকৈ স্থানত অনুষ্ঠিত হ’ব গ্রন্থমেলা । ৮ খন জিলাত ৪ মাহ ধৰি চলিব অসম গ্ৰন্থমেলা ।বঙাইগাঁও, লখিমপুৰ, তিনিচুকীয়া, যোৰহাট, নলবাৰী, শিলচৰ, মঙলদৈত অনুষ্ঠিত হব গ্রন্থমেলা ।

বঙাইগাঁওত ২২ অক্টোবৰৰ পৰা ২৯ অক্টোবৰলৈ অনুষ্ঠিত হব গ্ৰন্থ মেলা । লক্ষীমপুৰত ১ নৱেম্বৰৰ পৰা ১০ নৱেম্বৰলৈ অনুষ্ঠিত হব গ্ৰন্থ মেলা I নলবাৰীত ৬ নৱেম্বৰৰ পৰা ১৭ নৱেম্বৰলৈ অনুষ্ঠিত হব গ্ৰন্থ মেলা ।

যোৰহাটত ১৪ নৱেম্বৰ-২০২৫ৰ পৰা ২৫ নৱেম্বৰলৈ অনুষ্ঠিত হব গ্ৰন্থ মেলা ।

তিনিচুকীয়াত ২৮ নৱেম্বৰ-২০২৫ৰ পৰা ৭ ডিচেম্বৰলৈ অনুষ্ঠিত হব গ্ৰন্থ মেলা । শিলচৰত ১ ডিচেম্বৰৰ পৰা ২০২৫ৰ পৰা ১০ ডিচেম্বৰলৈ অনুষ্ঠিত হব গ্ৰন্থ মেলা । মঙলদৈত ১২ ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ অনুষ্ঠিত হব গ্ৰন্থ মেলা। গুৱাহাটীত ২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰী-২০২৬লৈ অনুষ্ঠিত হব গ্ৰন্থ মেলা ।

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে আয়োজন কৰিব অসম গ্ৰন্থমেলা ।

Leave a Reply