পুনৰ দিল্লীৰ একাধিক বিদ্যালয়ত বোমাৰ আতংক । একেলগে ৰাজধানীৰ ২০ খন বিদ্যালয় বোমা দি উৰুৱাই দিয়াৰ ভাবুকি দিয়া হৈছে । খালী কৰোৱা হয় একাধিক বিদ্যালয় । কেৱল এই সপ্তাহতে ৰাজধানীৰ ৩০খন বিদ্যালয়ত বোমা বিস্ফোৰণৰ ভাবুকি আহিছে ।
স্বাভাৱিকতে ৰাজধানী চহৰৰ বিদ্যালয়সমূহৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন হৈছে। শুকুৰবাৰে পুৱা ২০খন বিদ্যালয়ত এখন এখনকৈ বোমা বিস্ফোৰণৰ ভাবুকি দিয়া হৈছে । শুকুৰবাৰে বেংগালুৰুৰ ৪০ খনতকৈও অধিক ব্যক্তিগত বিদ্যালয়ত বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান । আজি ৰাজধানী দিল্লীৰ প্ৰায় ৫০খন বিদ্যালয়ে একেধৰণৰ ভাবুকিৰ সন্মুখীন হোৱাৰ পিছতে এই সৃষ্টি হৈছে এই ঘটনা ।
ইতিমধ্যেই বাংগালুৰুৰ বিদ্যালয়সমূহৰ ভিতৰত অনুসন্ধান দল আৰু তদন্ত আৰম্ভ কৰা হৈছে । বেংগালুৰু চহৰ আৰক্ষীয়ে বিদ্যালয়সমূহৰ ভিতৰত একাধিক দল মোতায়েন কৰিছে ।
‘Bombs inside the school’ শীৰ্ষক ইমেইলটো roadkill333@atomicmail.io ৰ পৰা একাধিক প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰা হৈছে । বোমা ভাবুকিভৰা মেইলত দাবী কৰা হৈছে যে বিদ্যালয়সমূহৰ মাজত কেনেকৈ বোমা লুকুৱাই ৰখা হৈছে আৰু হিংসাত্মকভাৱে বৰ্ণনা কৰা হৈছে ছাত্ৰ-ছাত্ৰীসকলে কেনে পৰিস্থিতিৰ সৃষ্টি হব ।
শুকুৰবাৰে বোমা বিস্ফোৰণৰ ভাবুকিৰ লগে লগে সমগ্ৰ ভাৰতৰ প্ৰায় ১০০খন বিদ্যালয়ে লাভ কৰিছে ভাবুকিমূলক এই বাৰ্তা । ইয়াৰে ৬০খন দিল্লীৰ বিদ্যালয় । বিগত সপ্তাহত সমগ্ৰ দিল্লীৰ ৬০খন বিদ্যালয়ে বোমাৰ ভাবুকি লাভ কৰিছে । পিছলৈ প্ৰৱঞ্চনা হিচাপে ঘোষণা কৰা এই ভাবুকিসমূহ এনক্ৰিপ্ট কৰা নেটৱৰ্ক আৰু VPN ৰ পৰা প্ৰেৰণ কৰা হৈছিল যাৰ ফলত অনুসৰণ কৰাটো অধিক কঠিন হৈ পৰিছিল । দিল্লী আৰক্ষী বিষয়া এজনে সংবাদ সংস্থা PTI ক জনোৱা মতে ডাৰ্ক ৱেবত কাৰোবাক অনুসৰণ অত্যন্ত কঠিন ।