Braking

বস্ত্ৰ নগৰী শুৱালকুছিত দুদিনীয়া কাৰ্যসূচীৰে সম্পন্ন আন্তৰাষ্ট্ৰীয় কলা মহোৎসৱ

বস্ত্ৰ নগৰী শুৱালকুছিত দুদিনীয়া কাৰ্যসূচীৰে সম্পন্ন আন্তৰাষ্ট্ৰীয় কলা মহোৎসৱ ।  ১৬, ১৭ জুলাই অৰ্থাৎ দুদিনীয়া কাৰ্যসূচীৰে সফল পৰিসমাপ্তি ঘটে অনুষ্ঠানটোৰ ।

নটৰাজ কলা কেন্দ্ৰ আৰু ৰিভী আন্তৰাষ্ট্ৰীয় সংস্থাৰ সহযোগত আয়োজন কৰা হৈছিল এই মহোৎসৱৰ । শুৱালকুছি ৰাজহুৱা প্রেক্ষাগৃহত আয়োজন কৰা হৈছিল অনুষ্ঠানটোৰ । শ্ৰীলংকাৰ পৰা অহা নৃত্য দলে শ্ৰীলংকাৰ থলুৱা নৃত্য প্ৰদশৰ্ন কৰে । শ্ৰীলংকাৰ লগতে পাঞ্জাৱ , বিহাৰ আৰু অসমৰ কেইবাটাও দলে স্থানীয় নৃত্য প্ৰদশৰ্ন কৰে ।

কেইবা গৰাকী শিল্পীক সন্মান প্ৰদান কৰা হয় । আন্তৰাষ্ট্ৰীয় লোক শিল্পী ৰঞ্জিত গগৈক শুৱালকুছি কলা শিৰোমণি সন্মান বটা প্ৰদান কৰে । সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত উস্তাদ বিছমিল্লাহ খান দিম্পী ৰাণী বৈশ্যক কলা সন্মান প্ৰদান কৰা হয় । বিশিষ্ট সমাজ কৰ্মী দিনমণি ভাণ্ডাৰ কায়স্থক শুৱালকুছি গ্ৰাম্য সূৰ্য্য বঁটা প্ৰদান কৰা হয় ।

“শুৱালকুছি কলা মহোৎসৱ”ৰ দ্বিতীয় দিনৰ সন্ধিয়া উপস্থিত থাকে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মহোদয়ৰ বিশেষ কৰ্তব্যৰত বিষয়া শ্ৰীযুত হেমন্ত চৌধুৰী ডাঙৰীয়া ।

Leave a Reply