তিব্বতৰ ব্ৰহ্মপুত্ৰ নদীত মেগা বান্ধ নিৰ্মাণ কাৰ্য্য আৰম্ভ চীনৰ
চীনে আৰম্ভ কৰিছে তিব্বতৰ ব্ৰহ্মপুত্ৰ নদীত মেগা বান্ধ নিৰ্মাণ ।তিব্বতৰ ব্ৰহ্মপুত্ৰ নদীত মেগা বান্ধ নিৰ্মাণ কাৰ্য্য আৰম্ভ কৰিছে চীনে । তিব্বতত ব্ৰহ্মপুত্ৰ নদীত চীনে আৰম্ভ কৰিছে জলবিদ্যুৎ প্ৰকল্পৰ কাম । এই অংশক তিব্বতত ইয়াৰলুং ছাংপো আৰু ভাৰতত ব্ৰহ্মপুত্ৰ বুলি জনা যায় ।
তিব্বতৰ ব্ৰহ্মপুত্ৰ নদীত মেগা বান্ধ নিৰ্মাণ আৰম্ভ চীনৰ ।
বান্ধ নিৰ্মাণ হ’লেই বান্ধটোৱে ভাৰত আৰু বাংলাদেশৰ লাখ লাখ লোকক সম্ভাৱ্যভাৱে বিপদত পেলাব । শনিবাৰে চীনে আৰম্ভ কৰে আধাৰশিলাৰ কাম । চৰকাৰী সংবাদ মাধ্যমে জনোৱা মতে, চীনে শনিবাৰে তিব্বত আৰু ভাৰতৰ মাজেৰে বৈ যোৱা নদীত মেগা ডেম নিৰ্মাণৰ কাম আৰম্ভ কৰে আৰু প্ৰধানমন্ত্ৰী লি কিয়াঙে আধাৰশিলাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে ।
ডিচেম্বৰ মাহত বেইজিঙে নদীখনৰ ওপৰত এই প্ৰকল্পটোক অনুমোদন জনাইছিল ।
যাক তিব্বতত ইয়াৰলুং ছাংপো আৰু ভাৰতত ব্ৰহ্মপুত্ৰ বুলি জনা যায় । দক্ষিণ-পূব তিব্বতৰ নিংচিত ভূমি পূজন অনুষ্ঠানৰ পিছত ৰাজ্যিক সংবাদ সংস্থা ছিনহুয়াই প্ৰকাশ কৰা অনুসৰি, “উৎপাদিত বিদ্যুৎ মূলতঃ আন অঞ্চললৈ ব্যৱহাৰৰ বাবে প্ৰেৰণ কৰা হ’ব , লগতে তিব্বতত স্থানীয় বিদ্যুতৰ প্ৰয়োজনীয়তাও পূৰণ কৰা হ’ব।”
এই প্ৰকল্পত পাঁচটা জলবিদ্যুৎ কেন্দ্ৰ নিৰ্মাণৰ প্ৰয়োজন হ’ব ।
জিনহুয়াই জনোৱা মতে, এই প্ৰকল্পত পাঁচটা জলবিদ্যুৎ কেন্দ্ৰ নিৰ্মাণৰ প্ৰয়োজন হ’ব । তিব্বতৰ ব্ৰহ্মপুত্ৰ নদীত ১৬৭.৮ বিলিয়ন ডলাৰৰ মথাউৰি নিৰ্মাণৰ কাম আৰম্ভ কৰিছে চীনে যাৰ ফলত ভাৰত আৰু বাংলাদেশত কৃষি আৰু জীৱিকাৰ বাবে অপৰিহাৰ্য পানীৰ প্ৰবাহত সম্ভাৱ্য বিঘিনি ঘটিব পাৰে বুলি উদ্বেগ প্ৰকাশ ।