Braking

কাশ্মীৰত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা

কাশ্মীৰত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা

আঘাতপ্ৰাপ্ত প্ৰায় ৫ গৰাকী তীৰ্থ যাত্ৰী

পুনৰ কালৰূপ প্ৰকৃতিৰ । ধাৰাষাৰ বৰষুণৰ মাজতেই জম্মু-কাশ্মীৰত সংঘটিত হৈছে ভূমিস্খলনৰ ভয়ংকৰ ঘটনা । ভূমিস্খলনৰ পিছতেই আঘাতপ্ৰাপ্ত প্ৰায় ৫ জন তীৰ্থ যাত্ৰী । সোমবাৰে ৰিয়াসী জিলাত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা । কটৰা এলেকাৰ বৈষ্ণ দেৱী মন্দিৰলৈ যোৱা পুৰণি পথত ভূমিস্খলনৰ বাবে মুঠ ১০ জন লোক আঘাত প্ৰাপ্ত হয় ইয়াৰে ৫ জন তীৰ্থ যাত্ৰী ।

ভূমিস্খলনৰ ফলত তচনচ হয় অঞ্চলটো

ঘটনাস্থলীত উপস্থিত হয় এম্বুলেন্স আৰু আৰক্ষী বাহিনী । আঘাতপ্ৰাপ্ত তীৰ্থ যাত্ৰীসকলৰ প্ৰাণ ৰক্ষা কৰিবলৈ উদ্ধাৰ অভিযান আৰম্ভ হয় ।  আঘাতপ্ৰাপ্ত তীৰ্থ যাত্ৰীক চিকিৎসাৰ বাবে নিকটৱৰ্তী হস্পিটেলত ভৰ্তি কৰে । ভূমিস্খলনৰ ফলত তচনচ হয় অঞ্চলটো । ভূমিস্খলনৰ ফলত ঘৰ দুৱাৰ ভাঙি পৰাৰ লগতে উভালি পৰে গছ-গছনি ।

Leave a Reply