Braking

দিছপুৰ আৰক্ষীৰ জালত পৰিল গাড়ী চুৰি চক্ৰৰ মাষ্টাৰ মাইণ্ড

দিছপুৰ আৰক্ষীৰ জালত পৰিল গাড়ী চুৰি চক্ৰৰ মাষ্টাৰ মাইণ্ড ।

পুলিবৰ আৰক্ষীৰ সহযোগত যোৰহাটৰ পৰা ৰূপম শইকীয়াক গ্ৰেপ্তাৰ দিছপুৰ আৰক্ষীৰ । বহু লোকৰ পৰা বাহন লৈ প্ৰৱঞ্চনাৰ জাল মেলিছিল ৰূপম শইকীয়াই I যোৰহাটৰ অজন্তা বাইপাছৰ সমীপৰ এটা ভাড়াঘৰত আত্মগোপন কৰি আছিল ৰূপম শইকীয়াই । নিজকে পৰিবহন বিভাগৰ এনফৰ্চমেন্ট ইন্সপেক্টৰ বুলি পৰিচয় দি আশ্ৰয় লৈছিল ৰূপম শইকীয়াই । লগতে ট্রেভেল এজেন্সীৰ মালিক, EPFOৰ বিষয়া বুলিও দিছিল পৰিচয় দিছিল মিছলীয়া ৰূপমে।

SCORPIO , BOLERO, ERTIGA, FRONX, THAR, XUVৰ দৰে ডেৰ শতাধিক দামী দামী গাড়ী লৈ অন্তৰ্ধান হৈ আছিল ৰূপম শইকীয়া নামৰ মহাপ্ৰবঞ্চটো ৷ জানিব পৰা মতে মহা প্ৰৱঞ্চক ৰূপমৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন ঠাইত ৰুজু হৈ আছে প্ৰায় ১১টা গোচৰ । বৰপেটা, নলবাৰী, দৰং, চানমাৰি, ফটাশিল, বশিষ্ঠ, পাণবজাৰ, পল্টনবজাৰ আৰক্ষী থানাত বহুকেইটা গোচৰ আছে প্ৰবঞ্চক ৰূপমৰ বিৰুদ্ধে ।

Leave a Reply