পঞ্জাৱৰ মোহালিত বিশেষ আদালতৰ গুৰুত্বপূৰ্ণ ৰায় । ৩২ বছৰৰ পিছত কাৰাদণ্ড ঘোষণা আদালতৰ ।
ভুৱা এনকাউন্টাৰৰ গোচৰত ৫ অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াক বিহিলে যাৱজ্জীৱন কাৰাদণ্ড । লগতে ৩.৫ লাখ টকাৰ জৰিমনা আদালতৰ । মোহালি জিলাত অৱস্থিত CBI ৰ এখন বিশেষ আদালতে অৱশেষত কাৰাদণ্ড বিহে এই পাঁচ আৰক্ষী বিষয়াক । পঞ্জাৱত ১৯৯৩ চনতে সংঘটিত হৈছিল অভিশপ্ত ঘটনাৰ । সেই সময়তে অৰ্থাৎ আজিৰ পৰা ৩২ বছৰৰ আগতে ৫ জন আৰক্ষী বিষয়াই ভুৱা এনকাউণ্টৰ ঘটনা সংঘটিত কৰিছিল । অৱশেষত ন্যায় পালে ভোক্তভুগীৰ পৰিয়ালে I
ভাৰতীয় দণ্ডবিধিৰ ধাৰা অনুসৰি অপৰাধমূলক ষড়যন্ত্র, হত্যা আৰু প্ৰমাণ ধ্বংস কৰাৰ অভিযোগত আদালতে ১ আগষ্টত তেওঁলোকক দোষী সাব্যস্ত কৰিছিল । SSP পদৰ পৰা অৱসৰ লোৱা তেতিয়াৰ উপ-আৰক্ষী অধীক্ষক ভূপিন্দৰজিৎ সিং (৬১) , DSP হিচাপে অৱসৰ লোৱা তেতিয়াৰ সহকাৰী উপ-পৰিদৰ্শক দেৱীন্দৰ সিং (৫৮) , তেতিয়াৰ সহকাৰী উপ-পৰিদৰ্শক গুলাবার্গ সিং (৭২), তদানীন্তন পৰিদৰ্শক সুবা সিং (৮৩) আৰু তেতিয়াৰ ASI ৰাঘবীৰ সিং (৬৩)ক কঠোৰ কাৰাদণ্ডৰে দণ্ডিত কৰে আদালতে ।
কঠোৰ কাৰাদণ্ডৰে দণ্ডিত কৰে আদালতে
IPC ৰ ৩০২ ধাৰাত যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে ২ লাখ জৰিমনা , 120 B ধাৰাত তিনি বছৰৰ কঠোৰ কাৰাদণ্ড (অপৰাধমূলক ষড়যন্ত্ৰ) ধাৰা , 201 (প্রমাণ নোহোৱা হোৱা) ৰ সৈতে ৫০,০০০ টকাৰ জৰিমনা আৰু তিনি বছৰৰ কঠোৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয় ।